মৰিয়নীঃ মৰিয়নী থানাৰ অন্তগৰ্ত নিউসোনোৱাল অঞ্চলত অসম আৰক্ষীৰ BOPৰপৰা নাতিদূৰৈত হাবিৰ মাজত পুৱাৰ ভাগত খৰি আনিবলৈ যোৱা এদল লোকে এজনী ১০/১১ বছৰীয়া কণমানিৰ মৃতদেহ চিৰাখাতি উপ নদীত পৰি থকা প্ৰত্যক্ষ কৰে৷
প্ৰথম অৱস্থাত মৃতদেহটো কোনেও চিনাক্ত কৰিব পৰা নাছিল যদিও পৰৱৰ্তী সময়ত মৰিয়নী নিউসোনোৱালৰ কাষৰীয়া গাঁওৰ যুৱতী বুলি চিনাক্ত হয়৷ স্থানীয় লোকে যুৱতী গৰাকীৰ মৃত্যুৰ কাৰণ এই অঞ্চলত সুৰাৰ অবাধ প্ৰচলনকে অভিযোগ কৰে৷
গাঁওবুঢ়া গৰাকীয়ে আজি কিছু দিনৰপৰা আজি যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ কাষৰীয়া অঞ্চলত সন্ধিয়া হ’লেই একাংশ অচিনাকি লোকে সুৰাৰ ঘাটি গঢ়ি তোলাৰো অভিযোগ কৰে৷
আনহাতে, মৃতদেহ উদ্ধাৰ হোৱাৰ কিছু দূৰত সুৰাৰ নতুন বটলসহ গিলাচ আৰু চানা পেকেট উদ্ধাৰ হোৱা ঘটনাই এই মৃত্যু আৰু ৰহস্যময় কৰি তুলিছে৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ৰহস্য ফাদিল হ’ব৷ কালি সন্ধিয়াৰপৰা ঘৰৰ ছোৱালীজনী নোহোৱাত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰা নাছিল কিয়? এয়া প্ৰশ্ন হৈ ৰৈছে৷
তদন্তৰ বাবে বিশেষ কিছু কথা আৰক্ষীয়ে কোৱাৰপৰা বিৰত আছে৷
ঘটনাস্থলীত মৰিয়নী আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসাললৈ প্ৰেৰণ কৰে৷