সপোন ৰহমান শইকীয়া, মৰিয়নীঃ মৰিয়নী নগৰৰ দাঁতিতে লাগি থকা কাটনী জিলা পৰিষদৰ অন্তৰ্গত ৬০ নং বাগিচা গাঁও পঞ্চায়টোৰ বিশেষকৈ ৪ নম্বৰ ৱাৰ্ডত দিঘদিনিয় অৰাজকতা তথা লোন্ঠন ৰাজত অতিষ্ঠ হৈ স্থানীয় ৰাইজে মঙলবাৰে দিনৰ ভাগত পঞ্চায়ত কায্যলয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাইজৰ অভিযোগ দিৰ্ঘদিন ধৰি পঞ্চায়টোত সঘনাই অনিয়ম তথা ভ্ৰষ্টাচাৰ চলি আছে৷ আনপিনে ৪ নং ৱাৰ্ডৰ নৱনিযুক্ত ৱাৰ্ডত মেম্বাৰ গৰাকীয়ে পঞ্চায়টোৰ এ পি মেম্বাৰ কাউঞ্চিলৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ উথাপন কৰে তেওঁলোকে ৱাৰ্ড মেম্বাৰ গৰাকীক পঞ্চায়ত কাৰ্যলয়ত কোনো ধৰণৰ ৰাইজৰ বাবে আৱন্তিত আঁচনি তথা ৰাজহুৱা সমস্যাৰ বিষয়ে আলাপ আলোচনা কৰাত সহযোগ নকৰাৰ৷ আনহাতে উপস্থিত ৰাইজে সংবাদ মাধ্যমৰ কেমেৰাৰ আগত আন এটা অভিযোগ কৰে পঞ্চায়ত কাৰ্যলয়ত সঘনাই উপস্থিত নাথাকে কায্যলয় কৰ্মী৷