মৰিয়নীঃ মৰিয়নী পুখুৰীয়াত বৃহস্পতিবাৰে পুৱা এক পথ দূৰ্ঘটনা সংঘটিত হয়৷ পুৱা ৭ বজাত মৰিয়নী অভিমুখী টাটা চুমু বাহনখনৰ হঠাতে চকা ফুটি যোৱাত গাড়ী চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰে অহা এখন ভানে গাড়ীখনত খুন্দা মাৰে৷ 

আজি পুৱাই যোৰহাটৰপৰা মৰিয়নী দিশত As 03 AC 8491 নম্বৰ চাৰিচকীয়া টাটা চুমুখনৰ এটা চকা অচল হৈ যোৱাত গাড়ী চালকে নিয়ন্ত্ৰণ হেৰুৱাই পুনৰ ৰাজপথৰ মাজত যোৰহাট মুৱা যাবলৈ সাজু হয়৷ সেই সময়তে বিপৰীত দিশৰপৰা AS 03 T 0566 মাৰুতি ভানখনে চিনামৰা কেন্দ্ৰীয় বিদ্যালয়লৈ বুলি অহা ছাত্ৰছাত্ৰীসকলক লৈ যায়৷ নিয়ন্ত্ৰণ হেৰুওৱা গাড়ীখন হঠাত সন্মুখলৈ আহি যোৱাত ভানখনে পিছফালৰপৰা প্ৰচন্দ জোৰেৰে খুন্দা মাৰে৷  

এই ঘটনাত টাটা চুমুৰ যাত্ৰীসকলৰ কোনোধৰণৰ বিঘিনি হোৱা নাই বুলি জানিব পৰা গৈছে৷ আনহাতে, মাৰুতি ভানখনৰ ছয়জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মৰিয়নী জয়মতী নগৰৰ বাসিন্দা মাধুৰ্য বৰা(৮) নামৰ ছাত্ৰজন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ বৰ্তমান যোৰহাট চিকিৎসালয়ত কণমানি মাধুৰ্যক চিকিৎসাধীনৰ বাবে ভৰ্তি কৰোৱাৰ লগতে স্থানীয় লোকৰ সহায়ত অভিভাৱক আৰু আৰক্ষীয়ে সাধাৰণভাৱে আঘাত হোৱা ছাত্ৰ-ছাত্ৰীসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়লে প্ৰেৰণ কৰি চিকিৎসা প্ৰদান কৰে৷

আনহাতে, টাটা চুমুৰ আৰোহীসকলক মৰিয়নী আৰক্ষী থানালৈ লৈ আহি আন এখন গাড়ীৰ সহায়ত তেওঁলোকৰ গন্তব্যস্থানলৈ যোৱাৰ সুবিধা কৰি দিয়ে৷