মৰিয়নীঃ বিশুদ্ধ খোৱাপানীৰ নামত জনসাধাৰণক লেতেৰা পোকে কিলবিলাই থকা পানী খুৱাইছে বিজেপি নেতাৰ মালিকাধীন এটা মিনাৰেল ৱাটাৰ কোম্পানীয়ে। বজাৰত সহজে উপলব্ধ পানী খাওতে সাৱধান হওঁক। বিশুদ্ধ পানী বুলি আপুনি সেৱন কৰা পানীয়ে হয়টো আপোনাৰ স্বাস্থ্যলৈ আনিব পাৰে ভয়ংকৰ ভাবুকি।
মৰিয়নীৰ নিউ সোনোৱালৰ এখন দোকানৰপৰা এজন যুৱকে ক্ৰয় কৰা বিশ লিটাৰৰ এটা পানী বটলৰ ভিতৰত জীৱন্ত পোকে কিলবিলাই থকা প্ৰত্যক্ষ কৰা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। মৰিয়নীৰ নতুন মাটীত থকা অলপৰ্ণা ফুড এণ্ড ব্ৰেভাৰ্চ নামৰ মিনাৰেল কোম্পানীটোৰ দ্বাৰা পেকেজিং কৰা স্বচ নীৰ নামৰ বেণ্ডটোৰ পানী বটলত এই দৰে ওলাইছে পোক।