মৰিয়নীঃ বিশুদ্ধ খোৱাপানীৰ নামত জনসাধাৰণক লেতেৰা পোকে কিলবিলাই থকা পানী খুৱাইছে বিজেপি নেতাৰ মালিকাধীন এটা মিনাৰেল ৱাটাৰ কোম্পানীয়ে। বজাৰত সহজে উপলব্ধ পানী খাওতে সাৱধান হওঁক। বিশুদ্ধ পানী বুলি আপুনি সেৱন কৰা পানীয়ে হয়টো আপোনাৰ স্বাস্থ্যলৈ আনিব পাৰে ভয়ংকৰ ভাবুকি। 

মৰিয়নীৰ নিউ সোনোৱালৰ এখন দোকানৰপৰা এজন যুৱকে ক্ৰয় কৰা বিশ লিটাৰৰ এটা পানী বটলৰ ভিতৰত জীৱন্ত পোকে কিলবিলাই থকা প্ৰত্যক্ষ কৰা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। মৰিয়নীৰ নতুন মাটীত থকা অলপৰ্ণা ফুড এণ্ড ব্ৰেভাৰ্চ নামৰ মিনাৰেল কোম্পানীটোৰ দ্বাৰা পেকেজিং কৰা স্বচ নীৰ নামৰ বেণ্ডটোৰ পানী বটলত এই দৰে ওলাইছে পোক। 

আনহাতে, গ্ৰাহকজনে এই বিষয়ে অলপৰ্ণা ফুড এণ্ড ব্ৰেভাৰ্চ কোম্পানীৰ কৰ্তৃপক্ষক অভিযোগ প্ৰদান কৰে যদিও কোম্পানীটোৰ পৰিচালক গৰাকীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰি বিষয়টো গাপ দিবলৈ চেষ্টা কৰে। কোম্পানীটোৰ পৰিচালক গৰাকীয়ে মিনাৰেল কোম্পানীটোৰ স্বত্বাধিকাৰী মৰিয়নীৰ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষৰ বুলি জানিবলৈ দিয়ে। 

ইফালে, ভূক্তভোগী যুৱকজনে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱাৰ যো জা চলাইছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ এটা বিয়াগোম খাদ্য আৰু যোগান বিভাগ আছে যদিও এই মিনাৰেল ৱাটাৰ কোম্পানীসমূহ পৰিদৰ্শন নকৰে বিভাগটোৰ বিষয়াসকলে। জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি পিঠি দি চৰকাৰী বিভাগীয় বিষয়া কৰ্মচাৰীসকল এই কোম্পানী সমূহৰ লগত গোপন বুজা বুজিত ব্যস্ত থকাৰ অভিযোগ উত্থাপন হৈছে।