সপোন ৰহমান শইকীয়া, মৰিয়নীঃ বজাৰত সহজে উপলব্ধ পানী খাওতে সাৱধান হওঁক। 

বিশুদ্ধ খোৱাপানীৰ নামত জনসাধাৰনক প্ৰকৃততে কি পানী খুৱাইছে পানী কোম্পানী সমুহে? বিশুদ্ধ পানী বুলি আপুনি বজাৰৰপৰা কিনি অনা পানীয়ে হয়টো আপোনাৰ স্বাস্থ্যলৈ আনিব পাৰে ভয়ংকৰ ভাবুকি। 

মৰিয়নিৰ চেলেংহাট টেঙাবাৰীৰ এটা তেল খাটৰ গৃহৰক্ষী জোৱানক আমগুৰিৰ এখন দোকানে দৈনিক যোগান ধৰা SPLASH নামৰ বিছ লিটাৰৰ পানী বটলৰ ভিতৰত জীৱন্ত আৰু মৃত ভেকুলী ওলোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। 

যোৰহাটৰ কালানী ফুড এণ্ড ব্ৰেভাৰ্চ ইণ্ডাষ্টীজ নামৰ কোম্পানীটোৰ দ্ধাৰা পেকেজিং কৰা SPLASH নামৰ বেণ্ডটোৰ ২০ লিটাৰৰ পানী বটলত এই দৰে ওলাইছে জীৱিত আৰু মৃত ভেকুলী। কোম্পানীৰ চিল মৰা অৱস্থাত এনে দৰে পানী বটলত ভেকুলী ওলোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। 

প্ৰকৃততে এই কোম্পানী সমুহে ক’ৰ পৰা সংগ্ৰহ কৰে পানী। কোম্পানী সমুহে দাবী কৰাৰ দৰে পানী সমুহ বিশুদ্ধ কৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি গ্ৰাহকক আভুৱা ভাঁৰি খাল বিলৰপৰা সংগ্ৰহ কৰা পানী খুৱাই আহিছে নেকি এই পানী কোম্পানী সমুহে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। 

মৰিয়নীত পূৰ্বতেও পানী বটলত পোক আৰু শেলুৱৈ ওলোৱা কেইবাটাও ঘটনা ঘটিছে যদিও এই ক্ষেত্ৰত অসম চৰকাৰৰ এটা বিয়াগোম খাদ্য আৰু যোগান বিভাগ আছে যদিও এই পানী পেকেজিং কোম্পানী সমূহৰ বিৰুদ্ধে আজি পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো ধৰনৰ দৃঢ় পদক্ষেপ। 

এনে পানী পেকেজিং কৰা কোম্পানী সমুহ খাদ্য আৰু যোগান বিভাগে নিয়মিত পৰিদৰ্শন কৰিব লাগে যদিও জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি পিঠি দি চৰকাৰী বিভাগীয় বিষয়া কৰ্মচাৰী সকল এই কোম্পানী সমুহৰ লগত গোপন বুজা বুজিত ব্যস্ত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে।