Home বিশ্বকানাডাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল লিবাৰেল পাৰ্টিৰ মাৰ্ক কাৰ্নী

কানাডাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল লিবাৰেল পাৰ্টিৰ মাৰ্ক কাৰ্নী

by News Desk
A+A-
Reset
canada

অট’ৱাঃ পইলিভ্ৰেৰ কনজাৰ্ভেটিভ পাৰ্টিক পৰাস্ত কৰি কানাডাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল লিবাৰেল পাৰ্টিৰ মাৰ্ক কাৰ্নী। চলিত বৰ্ষৰ ৭ জানুৱাৰীত জাষ্টিন ট্ৰুডোৱে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত ৫৯ বছৰীয়া মাৰ্ক কাৰ্নীয়ে ১০ মাৰ্চত শাসকীয় লিবাৰেল পাৰ্টিৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। যোৱা ২৮ এপ্ৰিলত কানাডাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল আৰু ভোটৰ শতাংশৰ ক্ষেত্ৰত লিবাৰেল পাৰ্টিয়ে ৪৩.৫ শতাংশ আৰু কনজাৰ্ভেটিভ পাৰ্টিয়ে ৪১.৪ শতাংশ ভোট লাভ কৰে।

ৰাজনৈতিক মহলত কঠোৰ ট্ৰাম্প বিৰোধী হিচাপে জনা যায় কাৰ্নীক। সম্প্ৰতি কানাডাৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰি নিজেই মুখ থেকেচা খালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। কানাডাক আমেৰিকাৰ “৫১ সংখ্যক ৰাজ্য” হিচাপে গঢ়ি তোলাৰ ভাবুকি, কানাডাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ ঘোষণা আৰু নিৰ্বাচনৰ দিনটোত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰি কানাডাৰ লোকসকলক “আমেৰিকাৰ অংশ” হোৱাৰ আহ্বান- এই সকলোবোৰ কথাই সলনি কৰি পেলালে কানাডাৰ নিৰ্বাচনৰ গতিপথ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0