newsnextone.com | নগাঁওঃ দৰিদ্ৰ লোকক সহায়, শিক্ষা, সমাজসেৱা আদিৰ দিশত কাম কৰি অহা অনুষ্ঠান হৈছে মৰ্কজ। হোজাই জিলাৰ মৰ্কজুল মা' আৰিফৰ সফলতাই নতুন দিশ উদয় কৰাৰ সময়তে এইবাৰ লাভ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা সোণৰ পদক। দৰিদ্ৰ-অসহায় লোকক সহায় কৰা, শিক্ষা দিশত কাম কৰা আৰু সমাজসেৱা কৰা অনুষ্ঠানটোৱে দীৰ্ঘ সময় ধৰি বিশেষকৈ শিক্ষাৰ দিশত বিশেষ কাম কৰি আহিছে। 

মৰ্কজৰ সকলো ধৰণৰ সফলতাৰ আঁৰত আজমল পৰিয়াল বিশেষকৈ বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ বিশেষ অৰিহণা থকা বুলি জানিব পৰা যায়৷ বান পানীত ক্ষতিগ্ৰস্তক সহায় কৰা, গৰীৱৰ সন্তালক শিক্ষগ্ৰহণৰ সহায় কৰা আদি কাম কৰি গৈছে অনুষ্ঠানটোৱে। শিক্ষা, অসহায় লোকক সাহায্য প্ৰদান, পুনৰ সংস্থাপন, কৃষি, অনাময়, পৰিৱেশ সুৰক্ষা আদি ক্ষেত্ৰত মৰ্কজুল মা'আৰিফে সেৱা আগবঢ়াই চৰকাৰৰ দ্বাৰাও প্ৰশংসাও লাভ কৰিছে৷

ইয়াৰ মাজেত অসম দক্ষতা বিকাশ মিচন আৰু অসম ৰাজ্যিক গ্ৰামীন আজীৱীকা মিচনৰ দ্বাৰা পৰিচালিত স্কিল ডেভলেপমেণ্ট বা দক্ষতা বিকাশ প্ৰশিক্ষণত দেখুওৱা অভাৱনীয় সফলতাৰ বাবে হোজাইৰ মৰ্কজুল মা' আৰিফ নামৰ প্ৰতিষ্ঠানক সোণৰ পদক দক্ষতা বঁটা প্ৰদান কৰে ৰাজ্য চৰকাৰে।

১৯৮২ চনত প্ৰতিষ্ঠিত আজমল চিএছআৰৰ এটা সংস্থা মৰ্কজুল মা' আৰিফে পৰিচালনা কৰা ডিডিইউ-জিকেৱাই নামৰ দক্ষতা বিকাশ কেন্দ্ৰক অসমৰ ৫৫টা কেন্দ্ৰৰ ভিতৰত উৎকৃষ্ট কেন্দ্ৰ ৰূপে দক্ষতা বিকাশ মিচনে চিনাক্ত কৰিছে৷

২০১৫ চনত ডিডিইউ-জিকেৱাই আঁচনিৰ অধীনত ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতীক প্ৰশিক্ষণ আৰু সংস্থাপন দিয়াৰ কাম আৰম্ভ কৰিছিল সংস্থাটোৱে৷ ইতিমধ্যে আঁচনিৰ গাইডলাইন অনুসৰি প্ৰথমটো প্ৰকল্পৰ অধীনত মৰ্কজে ৮৮৮ সংখ্যক নিৱনুৱা যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু দেশৰ বিভিন্ন প্ৰান্তত এইসকলে নিজ দক্ষতাৰে নিযুক্তি লাভ কৰিছে৷ 

এইখিনি সময়ত মৰ্কজুল মা' আৰিফে প্ৰদৰ্শন কৰা স্বচ্ছতা আৰু গুণগত মানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট পৰ্যবেক্ষক মহলৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। 
গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত এক অনুষ্ঠানত মৰ্কজুল মা' আৰিফক ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে সোণৰ পদক। ইতিমধ্যে শিক্ষানুষ্ঠানৰ গৰাকীয়ে গ্ৰহণ কৰে এই পদক৷ 

শিক্ষানুষ্ঠানৰ সভাপতি চামছুল হক চৌধুৰীয়ে বঁটা গ্ৰহণ কৰে৷ সেই সময়ত মৰ্কজৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ, ডেপুটি মেনেজাৰ জামাল উদ্দিন আৰু প্ৰজেক্ট মেনেজাৰ চাহজাহান আলী উপস্থিত আছিল৷ কেৱল শ্ৰেষ্ঠ দক্ষতা বিকাশ কেন্দ্ৰই নহয়, মৰ্কজুল মা' আৰিফৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি কলকাতাত গ্ৰাহক সেৱা প্ৰতিনিধি হিচাপে কৰ্মৰত অনিতা শইকীয়াক চিহ্নিত কৰিছে শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থীৰূপে৷ 

প্ৰশিক্ষণকালত এইগৰাকী প্ৰাৰ্থীৰ শ্ৰেণীত উপস্থিতি আছিল এশ শতাংশ৷ দক্ষতা বিকাশৰ দৰে গুৰুত্বপুৰ্ণ প্ৰজেক্টত শ্ৰেষ্ঠতম কেন্দ্ৰ ৰূপে সোণৰ পদক লাভ কৰাত মৰ্কজুল মা' আৰিফলৈ শুভেচ্ছা জনাইছে আজমল চিএছআৰৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু সাংসদ ছিৰাজুদ্দিন আজমলে৷ এই স্বীকৃতিয়ে মৰ্কজক অধিক দায়বদ্ধতাৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি কয়৷

 উল্লেখ্য যে, অসম চৰকাৰে আয়োজন কৰা নিয়োগ মেলাত হোজাই জিলাৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’ আৰিফৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰি আহিছে৷ ৰাজ্য চৰকাৰ গ্ৰামীণ আজীৱিকা মিছন চমুকৈ এএছআৰএলএমৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা নিয়োগ মেলাত মৰ্কজৰ শিক্ষাৰ্থীয়ে ভাল ফলাফল কৰি আহিছে।

নিয়োগ মেলাত হোজাইৰ মৰ্কজুল মা’ আৰিফৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰীয়ে বাজি মাৰিবলৈ সক্ষম হয়৷ বিভিন্ন কোম্পানীয়ে অংশগ্ৰহণ কৰা মেলাত মৰ্কজুল মা’ আৰিফৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈ চাকৰি নিশ্চিত কৰিছে৷

মৰ্কজুলৰ নেতৃত্বত অংশ লোৱা মৰ্কজুলৰ ডিডিইউ-জিকেৱাইৰ প্ৰশিক্ষাৰ্থীসকলে সাক্ষাৎকাৰত আন কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীৰ তুলনাত উন্নত ফলাফল প্ৰদৰ্শন কৰে৷

ইয়াৰ পূৰ্বেও দিল্লীৰ নেছনেল এচিভাৰ্ছ ৰিকগনাইজেছন ফৰাম নামৰ অনুষ্ঠানটোৱে হোজাই জিলাৰ অগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান হোজাইৰ মৰ্কজুল মা’আৰিফক প্ৰদান কৰিছিল বিশেষ সন্মান৷