মোৰাঝাৰঃ দিল্লীৰ নেছনেল এচিভাৰ্ছ ৰিকগনাইজেছন ফৰাম নামৰ অনুষ্ঠানটোৱে হোজাই জিলাৰ অগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান হোজাইৰ মৰ্কজুল মা’আৰিফক প্ৰদান কৰে বিশেষ সন্মান৷
দৰিদ্ৰ লোকক সহায়, শিক্ষা, সমাজসেৱা আদিৰ দিশত কাম কৰি অনুষ্ঠানটোৱে সমাজৰ বাবে আগবঢ়াই অহা অৱদানৰ বাবে বিশেষ সন্মানেৰে পুৰস্কৃত কৰে৷ যোৱা ১৮ ডিচেম্বৰত দিল্লীত প্ৰদান কৰে এই সন্মান৷ হোজাইৰ মৰ্কজুল মা’আৰিফৰ সভাপতি চামছুল হক চৌধুৰীয়ে ১৯৮২ চনত মফচলীয়া চহৰ হোজাইত প্ৰতিষ্ঠা লাভ কৰা মৰ্কজুল মা’আৰিফে বিশেষ স্বীকৃতি লাভ কৰা বুলি কৈ আনন্দিত হৈ পৰে৷