ছৈখোৱাঃ ঘৰৰ পৰা ওলাবলৈ ভয়৷ দিনৰ পোহৰত মানুহ ঘৰৰ পৰা ওলাই যদিও এন্ধাৰ নামি অহাৰ পাছতে কাহ পৰি জিন যায় অঞ্চলটো৷ গৰু-গাই, বজাৰ-সামৰ, সকলো দিনতে কৰি লয় বেলি ডুবাৰ পাছত এখন বৰ্ণণাহান পৃথিৱীত বাস কৰে মানুহবোৰে৷ চৌদিশে সেনা আৰক্ষীৰ গিজগিজনি৷
বাটে-ঘাটে বহু লোকক প্ৰহাৰ কৰি কেৱল এটি বিদ্ৰোহী সংগঠনৰ সদস্যৰ কথা সোধে মানুহক৷ যেন যেক আতংকময় পৰিৱেশ৷ আৱাল, বৃদ্ধ, বনিতা, ডেকাৰ চকুত ভয় আৰু শংকাৰ তিৰবিৰণি৷ জীৱন, সম্পত্তি, সতি-সন্তানৰ মোহ এৰিব পাৰিলে হয়তো মানুহবোৰ আন ঠাইলৈ গুচি গ’লহেতেন৷