newsnextone.com | কাজিৰঙাঃ চৰকাৰী ভাৱে উপেক্ষিত ‘৪২ৰ শ্বহীদ কমলা মিৰি আৰু বেজা বৈষ্ণৱৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আজিৰে পৰা গণভিক্ষা আৰম্ভ কৰা হয়। কাজিৰঙাৰ বৰবিলত অসম সংগীত ‘অ মোৰ আপোনাৰ দেশ’ দুটা ভাষাত পৰিৱেশন কৰি আৰম্ভ কৰা হয় গণভিক্ষাৰ। প্ৰতিটো বাসগৃহৰ পৰা ২০ টকাকৈ আৰু এচামুচ ভূমি সংগ্ৰহ কৰি কৰা গণভিক্ষাৰ শুভাৰম্ভ কৰে মিচিং বানে কেবাঙৰ অন্যতম বিষয়-ববীয়া তথা শিক্ষাবিদ গোবিন দলেই।
মিচিং আগম কেবাং, টিএমপিকে, এমএমকেৰ প্রতিনিধি, জীপাল কৃষক-শ্ৰমিক সংঘ, প্ৰয়াস অধ্যয়ন চক্ৰ, বোকাখাত আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ বিষয়-ববীয়াই অংশগ্ৰহণ কৰা অনুষ্ঠানত শ্বহীদ কমলা মিৰিৰ ৭৫ সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন সমিতিৰ যুটীয়া সাধাৰণ সম্পাদকদ্বয় সোনেশ্বৰ নৰহ আৰু প্ৰসেন লইঙে আঁত ধৰে।