newsnextone.com | কাজিৰঙাঃ চৰকাৰী ভাৱে উপেক্ষিত '৪২ৰ শ্বহীদ কমলা মিৰি আৰু বেজা বৈষ্ণৱৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আজিৰে পৰা গণভিক্ষা আৰম্ভ কৰা হয়। কাজিৰঙাৰ বৰবিলত অসম সংগীত 'অ মোৰ আপোনাৰ দেশ' দুটা ভাষাত পৰিৱেশন কৰি আৰম্ভ কৰা হয় গণভিক্ষাৰ। প্ৰতিটো বাসগৃহৰ পৰা ২০ টকাকৈ আৰু এচামুচ ভূমি সংগ্ৰহ কৰি কৰা গণভিক্ষাৰ শুভাৰম্ভ কৰে মিচিং বানে কেবাঙৰ অন্যতম বিষয়-ববীয়া তথা শিক্ষাবিদ গোবিন দলেই। 

মিচিং আগম কেবাং, টিএমপিকে, এমএমকেৰ প্রতিনিধি, জীপাল কৃষক-শ্ৰমিক সংঘ, প্ৰয়াস অধ্যয়ন চক্ৰ, বোকাখাত আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ বিষয়-ববীয়াই অংশগ্ৰহণ কৰা অনুষ্ঠানত শ্বহীদ কমলা মিৰিৰ ৭৫ সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন সমিতিৰ যুটীয়া সাধাৰণ সম্পাদকদ্বয় সোনেশ্বৰ নৰহ আৰু প্ৰসেন লইঙে আঁত ধৰে।

উপস্থিত ৰাইজে একমুখে কয় যে, কেৱল চৰকাৰী অৱহেলাৰ বাবেই দেশৰ স্বাধীনতাৰ বাবে যুঁজ দি শ্বহীদ হোৱা কমলা মিৰি আৰু বেজা বৈষ্ণৱ আজিও উপেক্ষেত হৈ আছে। বিগত ৭৫ বছৰৰ পাছতো স্বাধীন দেশৰ কোনো এটা চৰকাৰে শ্বহীদক উপেক্ষা কৰি আহিছে। আনকি, স্বাধীনতা দিৱসত শ্বহীদৰ প্ৰতিমূৰ্তিত সামান্য চূণ-তেল সনাৰ ক্ষেত্ৰতো কৃপণালি কৰিছে বৰ্তমানৰ তথাকথিত পৰিৱৰ্তনকামী চৰকাৰে। যাৰ বাবেই ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে দুগৰাকী শ্বহীদ কমলা মিৰি আৰু বেজা বৈষ্ণৱৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰিছে। 

সকলো ৰাইজকে অংশগ্ৰহণ কৰি এই দুই শ্বহীদক জীয়াই ৰাখিবৰ বাবে মুকলিভাৱে ওলাই আহিবলৈ আজি গণভিক্ষা অনুষ্ঠানত উপস্থিত ৰাইজে আহ্বান জনায়। ইফালে, গণভিক্ষাৰ কাৰ্যসূচী আৰম্ভৰ পূৰ্বে কবি পল্লৱ হাজৰিকাৰ নেতৃত্বত বৰবিলতে শ্বহীদক জীয়াই ৰাখিবৰ বাৰ্তাৰে বাটৰ নাট কৰা হয়। ইয়াৰ পাছতে প্ৰতিটো ঘৰলৈ গৈ গণ ভিক্ষা কৰা হয়। 

উল্লেখ্য যে '৪২ ৰ শ্বহীদ কমলা মিৰিৰ মৃত্যু দিনক লৈয়ো চৰকাৰী পক্ষই কৰা উপেক্ষাৰ বাবেই বহুদিন এই নিৰ্দিষ্ট দিনটো নিশ্চিত হোৱা নাছিল। অৱশ্যে ৰাইজৰ ঐক্যান্তিক প্ৰচেষ্টাত অৱশেষত শ্বহীদ কমলা মিৰিৰ মৃত্যুৰ দিনটো নিশ্চিত হয়। বিভিন্ন বাদ-বিবাদৰ অন্তত যােৰহাট কাৰাগাৰৰ এক চৰকাৰী নথিয়ে ৪২ৰ শ্বহীদ কমলা মিৰিৰ মৃত্যু দিনটো ১৯৪৩ চনৰ ২৩ এপ্রিল বুলি স্পষ্ট হয়। 

স্বাধীনতা সংগ্ৰামৰ বাবে প্ৰাণ আহুতি দিয়া কমলা মিৰিৰ যোৰহাট কাৰাগাৰত মৃত্যু হয় বুলি ইতিমধ্যে সদৰী কৰে শ্বহীদ কমলা মিৰিৰ ৭৫ সংখ্যক মৃত্যু দিৱস উদযাপন সমিতিৰ অন্যতম আহ্বায়ক অধ্যাপক তৰুণ লইঙে। শ্বহীদজনাৰ এই ৭৫ সংখ্যক মৃত্যু দিৱসৰ প্ৰস্তুতি ধাৰা তথা বিজ্ঞান ভিত্তিক চৰ্চাই নতুন প্ৰজন্ম তথা জাতিটোক সমৃদ্ধ কৰাৰ লগতে আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আজিৰ অনুষ্ঠানত উপস্থিত বিভিন্ন জনে মত ব্যক্ত কৰে। উপস্থিত ৰাইজে সমূহ লেখক-লেখিকা, বুদ্ধিজীৱী, চিত্র নিৰ্মাতা, সাহিত্য অনুষ্ঠান-প্ৰতিষ্ঠান, গৱেষক, বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়, চৰকাৰ তথা চৰকাৰী সংশ্লিষ্ট সকলো বিভাগ, বিশেষকৈ জন সংযোগ বিভাগৰ যোগেদি সমূহ প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰাৰ দ্বায়িত্ব স্বীকাৰ কৰিবৰ বাবে আহ্বান জনায়। 

আনহাতে, বৰ্ষজোৰা কাৰ্যসূচীত শ্বহীদ কমলা মিৰিৰ লগতে বেজা বৈষ্ণৱৰ তথ্যচিত্ৰ প্ৰস্তুত কৰা, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্বহীদ দুজনৰ অৱদানক তুলি ধৰিবলৈ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত ঐতিহাসিক কৰ্মৰাজীক প্ৰকাশ কৰা, ৰাজ্যিক পৰ্যায়ত ২০টা, ৰাষ্ট্ৰীয় পৰ্যায়ত ৫টা স্মাৰক বক্তৃতা তথা আলোচনা চক্ৰৰ কথা সদৰি কৰা, ৰাইজৰ প্ৰচাৰৰ দ্বাৰা সংহতি আৰু সহমৰ প্ৰতীক শ্বহীদ কমলা মিৰিৰ পুৰ্ণাঙ্গ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত প্ৰকাশ লগতে গোলাঘাট, বোকাখাত, দেৰগাঁও, সৰুপথাৰ আৰু গুৱাহাটীত শ্বহীদ কমলা মিৰিৰ লগতে বেজা বাউৰী, দ্বৰিকী নাথৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী তোলাৰ সম্বন্ধে আজিৰ গণভিক্ষাৰ অনুষ্ঠানত উল্লেখ কৰে শ্বহীদ কমলা মিৰিৰ ৭৫ সংখ্যক মৃত্যু দিৱস উদযাপন সমিতিয়ে। 

ইপিনে, শ্বহীদ কমলা মিৰি স্মাৰক সংহতি সমদল আৰু স্মাৰক গ্ৰন্থ এলানি প্ৰকাশৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ কথা সদৰি কৰাৰ লগতে গুলুং টেমেৰাত শ্বহীদ কমলা মিৰিৰ জন্মাস্থানত ৪ দিনীয়াকৈ বিস্তৃত সমাবেশ সংস্কৃতি সমাৱেশ আৰু জাতীয় অভিবৰ্তনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত প্ৰকাশ কৰি ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী আদিক উপস্থিত কৰোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশিষ্ট চিন্তাবিদ, শিল্পী, সমাজকৰ্মী, লেখক বুদ্ধিজীৱী সমাৱেশৰো কামনা কৰে। 

আনহাতে, অহা ৭ চেপ্তেম্বৰত শ্বহীদ বেজা বৈষ্ণৱৰ জন্ম স্থান নুমলীগড়ত স্মৃতিচাৰণ অনুষ্ঠানৰ লগতে অনুষ্ঠিত হ'বলগীয়া আলোচনা সভাত সকলো পক্ষকে উপস্থিত থাকিবলৈ আজি গণ ভিক্ষাৰ উদ্যোক্তাই আহ্বান জনায়।