newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে আছু আৰু ২৮ জনগোষ্ঠীৰ সংগঠনৰ উদ্যোগত মহানগৰীৰ ঐতিহাসিক লতাশিল খেলপথাৰত অনুষ্ঠিত হয় ‘গণ সত্যাগ্ৰহ’ অনুষ্ঠান৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মহানগৰীৰ আকাশ-বতাহ কঁপাই তোলে৷ লতাশিল খেল পথাৰত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আহি আহি সমবেত৷ প্ৰখৰ ৰদকো নেওচি সমবেত হোৱা লোকসকলে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷

গণ সত্যাগ্ৰহ অনুষ্ঠানত আছু আৰু ২৮ জনগোষ্ঠীয় সংগঠনৰ বাহিৰেও মাৰোৱাৰি সমাজ, গোৰ্খা সমাজ, বিভিন্ন সংখ্যালঘূ সংগঠন আদিয়ে অংশ লয়৷ লতাশিল খেলপথাৰত সমবেত লোকসকলে চানমাৰি খেলপথাৰলৈ সমদল উলিয়াই৷ সমদলত অংশ লোৱা কেইবা হাজাৰ লোকে চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ লগতে আহ ঐ আহ-ওলাই আহ, জয় আই অসম, আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই, অসমীয়া আজি জাগিছে, অসম ধ্বংসকাৰী বিধেয়ক বাতিল কৰক, অসমীয়াৰ ধৈৰ্য পৰীক্ষা নকৰিব, সোণোৱাল চৰকাৰ হুছিয়াৰ, মোডী চৰকাৰ হুছিয়াৰ আদি শ্ল’গান দি মহানগৰীৰ ৰাজপথ কঁপাই তোলে৷ সমদল যোগে কেইবাসহস্ৰাধিক লোকে চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হয়৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আছু আৰু ২৮ সংগঠনৰ গণ সত্যাগ্ৰহত অসমৰ প্ৰায় সংখ্যাক দল-সংগঠনে অংশ লয়৷ ঐতিহাসিক লতাশিল খেলপথাৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কোনো কাৰণত বাংলাদেশৰ পৰা হিন্দু শৰাণাৰ্থী আনি অসমত সংস্থাপন কৰিব নিদিয়াৰ কথা স্পষ্ট কৰে৷ লতাশিলৰ পৰা চানমাৰিলৈ উলিওৱা সমদলত অসমৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন দিশত জড়িত হৈ থকা লোকসকলে প্ৰখৰ ৰদকো নেওচি খোজকাঢ়ি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈ আহে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায় আছু আৰু ২৮ সংগঠনৰ প্ৰতিটো কাৰ্যসূচীত সহায় কৰাৰ বাবে ৰাইজে প্ৰতিশ্ৰুতিও দিয়ে৷ 

গণ সত্যাগ্ৰহ কাৰ্যসূচীত অংশ লৈ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰে দমন মূলক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন কৰে৷ যি সময়ত অসমৰ খিলঞ্জীয়া জনসাধাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে সেই সময়ত চৰকাৰে দমন মূলক নীতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে ড০ ভট্টাচাৰ্যই৷ অসম আৰু ভাৰত চৰকাৰে অসমৰ জনসাধাৰণৰ ধৈৰ্য্যৰ পৰীক্ষা নলবলৈ সকিয়াই দিয়ে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷

চৰকাৰে অসমৰ ৰাইজৰ ধৈৰ্য্যৰ পৰীক্ষা নলৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ কৈ অসম চৰকাৰক দমনমূলক শাসনৰ পৰা আঁতৰি থাকিবলৈ কয় আছুৰ উপদেষ্টাগৰাকীয়ে৷ অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক এবাৰ ভালদৰে ইতিহাসৰ পাট লুটিয়াই চাবলৈ কয়৷ আৰএছএছ-বিজেপি চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলক আন্দোলনৰ পৰা বিৰত থাকিবলৈ নীতি-নিয়ম বান্ধি দিয়া কাৰ্যক উভতি ধৰি কেতিয়াও এই নিয়ম মানি লোৱা নহ’ব বুলি মন্তব্য প্ৰকাশ কৰে আছুৰ উপদেষ্টাগৰাকীয়ে৷

কাৰো নিজস্ব স্বাধীনতা খৰ্ব কৰিবলৈ চেষ্টা নকৰিবলৈ সকিয়াই দিয়ে৷ যিহেতু অসমে আন্দোলন নকৰিলে একো নাপায়৷ বৰ্তমানলৈকে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ পৰা আৰম্ভ কৰি জাতীয় সংগঠন, বুদ্ধিজীৱী সকলোৰেই সৱল স্থিতি অটুট আছে৷ সকলোৰেই এটাই মন্তব্য ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশীক অসমত সংস্থাপন দিয়া নহ’ব৷ সি লাগিলে মুছলমানেই হওক বা হিন্দুৱেই হওক৷ 

ধৰ্মৰ ক্ষেত্ৰত বাংলাদেশী চিনাক্ত কৰা নহয়৷ আছুৰ নেতজনে অসম চৰকাৰক সকিয়াই দি কয় যে ইয়াত কোনো ধৰ্মৰ ক্ষেত্ৰত বিভেদ কৰিবলৈ চেষ্টা নকৰিব৷ অসমৰ জাতীয় স্বাৰ্থত দেশৰ স্বাৰ্থত সংশোধনী বিধেয়কখন বাতিল কৰিব লাগে৷ যদি অসমৰ দৰে একে ৰাজ্য নাগালেণ্ড আৰু মেঘালয় চৰকাৰে সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিব পাৰে তেন্তে অসম চৰকাৰে কয় বিৰোধিতা কৰিব নোৱাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷

সদৌ অসম ছাত্ৰ সন্থা নেতৃত্বৰ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ অসম ট্ৰাইবেল সংঘ, সদৌ অসম ট্ৰাইবেল যুৱ লীগ, মিচিং মিমাগ কেবাং, সদৌ মিচিং ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, তিৱা যুৱ-ছাত্ৰ পৰিষদ, সদৌ ডিমাছা ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মৰাণ ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সদৌ অসম মদাহী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, এনচি হিলছ ইনডিজিনিয়াছ ষ্টুডেণ্টছ ফ’ৰাম, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা, মেছ কছাৰী জাতীয় পৰিষদ, সদৌ অসম হাজং ছাত্ৰ সন্থাকে ধৰি মুঠ ২৯টা সক্ৰিয় সংগঠনে অংশ লয় গণ সত্যাগ্ৰহত৷ আছুৰ কামৰূপ, নলবাৰী, আদিকে ধৰি বিভিন্ন জিলা সমিতি আৰু বিভিন্ন আঞ্চলিক সমিতিয়ে অংশ লয়৷