newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে আছু আৰু ২৮ জনগোষ্ঠীৰ সংগঠনৰ উদ্যোগত মহানগৰীৰ ঐতিহাসিক লতাশিল খেলপথাৰত অনুষ্ঠিত হয় ‘গণ সত্যাগ্ৰহ’ অনুষ্ঠান৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মহানগৰীৰ আকাশ-বতাহ কঁপাই তোলে৷ লতাশিল খেল পথাৰত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আহি আহি সমবেত৷ প্ৰখৰ ৰদকো নেওচি সমবেত হোৱা লোকসকলে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷
গণ সত্যাগ্ৰহ অনুষ্ঠানত আছু আৰু ২৮ জনগোষ্ঠীয় সংগঠনৰ বাহিৰেও মাৰোৱাৰি সমাজ, গোৰ্খা সমাজ, বিভিন্ন সংখ্যালঘূ সংগঠন আদিয়ে অংশ লয়৷ লতাশিল খেলপথাৰত সমবেত লোকসকলে চানমাৰি খেলপথাৰলৈ সমদল উলিয়াই৷ সমদলত অংশ লোৱা কেইবা হাজাৰ লোকে চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ লগতে আহ ঐ আহ-ওলাই আহ, জয় আই অসম, আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই, অসমীয়া আজি জাগিছে, অসম ধ্বংসকাৰী বিধেয়ক বাতিল কৰক, অসমীয়াৰ ধৈৰ্য পৰীক্ষা নকৰিব, সোণোৱাল চৰকাৰ হুছিয়াৰ, মোডী চৰকাৰ হুছিয়াৰ আদি শ্ল’গান দি মহানগৰীৰ ৰাজপথ কঁপাই তোলে৷ সমদল যোগে কেইবাসহস্ৰাধিক লোকে চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হয়৷