newsnextone.com | গোৱালপাৰাঃ উজনি অসমত কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ জাতি ধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ অন্তত এইবাৰ নামনি অসমত গণ সমাবেশ অনুষ্ঠিত কৰিব সংগঠনসমূহে৷ উজনিৰ যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, মাকুম, দুলীয়াজান আদিত বিশাল গণ সমাবেশ অনুষ্ঠিত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জমনত গঢ়িবলৈ সক্ষম হয় কেইবাটাও জাতীয় সংগঠনে৷
সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নামনিত প্ৰথম খন গণ সমাবেশ অনুষ্ঠিত হয়৷ নগাৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সোমবাৰে কেইবা হাজাৰ লোক গোৱালপাৰা চহৰত একত্ৰিত হয়৷ বিধেয়ক বাতিলৰ দাবীত ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে গোৱালপাৰা চহৰ উত্তাল কৰি তোলে৷