newsnextone.com | গোৱালপাৰাঃ উজনি অসমত কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ জাতি ধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ অন্তত এইবাৰ নামনি অসমত গণ সমাবেশ অনুষ্ঠিত কৰিব সংগঠনসমূহে৷ উজনিৰ যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, মাকুম, দুলীয়াজান আদিত বিশাল গণ সমাবেশ অনুষ্ঠিত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জমনত গঢ়িবলৈ সক্ষম হয় কেইবাটাও জাতীয় সংগঠনে৷

সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নামনিত প্ৰথম খন গণ সমাবেশ অনুষ্ঠিত হয়৷ নগাৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সোমবাৰে কেইবা হাজাৰ লোক গোৱালপাৰা চহৰত একত্ৰিত হয়৷ বিধেয়ক বাতিলৰ দাবীত ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে গোৱালপাৰা চহৰ উত্তাল কৰি তোলে৷ 

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সমাবেশ গোৱালপাৰা ঈদগাহ ময়দানৰ বাকৰিত অনুষ্ঠিত হয়৷ কিণকিণিয়া বৰষুণ দি থকাৰ পিছতো ৰাইজ ঘৰৰ পৰা ওলাই আহি গণ সমাবেশত অংশ লয়৷ বৰষুণৰ মাজতো কেইবা হাজাৰ লোকে হাত দাঙি নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপধ্যেই মানি নোলোৱাৰ সংকল্প লয়৷ 

গণ সমাবেশত অখিল গগৈয়ে ভাষণ প্ৰদান কৰি থকাৰ সময়তে প্ৰবল বৰষুণ দিবলৈ আৰম্ভ কৰে৷ তাৰ পিছতো মানুহ বৰষুণতে থিয় দি থাকি ভাষণ শুনা থকা পৰিলক্ষিত হয়৷ বৰষুণ দিয়াৰ পিছতো বোকা মাটিত থিয় দি থাকি মিটিং শুনা কাৰ্যক শলাগ লৈ এয়াই অসমীয়া জাতিৰ শক্তি আৰু জীয়াই থকাৰ ইচ্ছা বুলি কয়৷ সৰ্বানন্দ সোণোৱালে এনেকৈ বৰষুণত ভাষণ দিবলৈ আহিলে মানুহটো দুৰৰ কথা ছাগলীও নাথাকে বুলি কটুক্তি কৰে অখিলে৷

কেইবা হাজাৰ লোকে জয় আই অসম, অসম ধ্বংসকাৰী বিধেয়ক বাতিল কৰক, এই জুই জ্বলিছে জ্বলিবই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে৷ কৃষক নেতা অখিল গগৈয়ে এইখন বিধেয়ক যদি বাতিলও কৰিব পাৰো, ফালি ব্ৰহ্মপুত্ৰত উটুৱাই দিব পাৰো, সংসদত গৃহীত হ’বলৈও নিদিও তথাপিও অসমক থকা অবৈধ হিন্দু বাংলাদেশী সকলক আৰু বাহিৰ কৰি দিব নোৱাৰো বুলি কয়৷ 

কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰলৈ অত্যন্ত গোপনীয় নিৰ্দেশ প্ৰেৰণ কৰি ২০১৫ চনৰ ৭ ছেপ্তেম্বৰত নিৰ্দেশ পঠাই অসম চৰকাৰক অসমত ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত মুছলমানৰ বাহিৰে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা প্ৰতিজন নাগৰিকক আৰু পৰিয়ালক দীৰ্ঘ ম্যাদি ভিজা দিয়াৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া৷

ইয়াৰে দ্বাৰা ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহ’লেও বিদেশীক সংস্থাপন দিব পাৰিব বুলি কয়৷ ২০১৫ চনৰ ৭ ছেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা ‘পাৰপত্ৰ (ভাৰতত প্ৰৱেশ) সংশোধনী বিধি-২০১৫’ আৰু ‘বিদেশী সংশোধনী নিৰ্দেশনা-২০১৫’ নামৰ দুটা বিধিগত সংশোধনী অনা বুলি কৈ ইতিমধ্যে অসমত থকা অবৈধ হিন্দু বাংলাদেশীসকল বৈধ হৈ পৰা বুলি কয় গগৈয়ে।

ইমানে নহয় বিজেপি নেতৃত্বাধীন ৰাজ্য-কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি অসমৰ ৰাইজক ভোটৰ স্বাৰ্থত বিজেপিয়ে বিক্ৰী কৰিব খোজা বুলি কয় অখিলে৷ অসমৰ ৰাইজে কোনো কালে এই বিধেয়ক যে গৃহীত হ’ব নিদিয়ে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন আন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সৈতে লগলাগি গণ সংগ্ৰাম কৰি যাব বুলি কয়৷ কিন্তু নাগৰিকত্ব সংশোধনী বিধয়ক আৰু ২০১৫ চনৰ ৭ ছেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা ‘পাৰপত্ৰ (ভাৰতত প্ৰৱেশ) সংশোধনী বিধি-২০১৫’ আৰু ‘বিদেশী সংশোধনী নিৰ্দেশনা-২০১৫’ বাতিল কৰাহে বেছি জৰুৰী বুলি কয়৷

সমাবেশত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাজনে আৰু কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলেও অসমৰ থলুৱা বঞ্চিত হ’ব আৰু অসমত বহিৰাগতই ৰাজনৈতিক অধিকাৰ লাভ কৰিব৷ বিদেশীয়ে অসমৰ সকলো বিধানসভা সমষ্টি দখল কৰাৰ লগতে ৬ বছৰৰ ভিতৰত কোনোবা বিদেশী অসমৰ মুখ্যমন্ত্ৰী হ’ব পাৰিব বুলি কয়।

অখিল গগৈয়ে কংগ্ৰেছৰ দিনত কৃষত মুক্তি সংগ্ৰাম সমিতি আটাইতকৈ ডাঙৰ শক্ৰু আছিলো৷ মোৰ নাম শুনিলেই তৰুণ গগৈৰ কলিজা কঁপি গৈছিল৷ বিজেপিয়ে ২০১৪ চনৰ নিৰ্বাচনত জাতি,মাটি ভেটিৰ ৰক্ষা আৰু বিদেশী খেদাৰ কথা কলে আৰু এতিয়া বিদেশী অনাৰ কথা কয়৷ ২০১৪ চনৰ নিৰ্বাচনত বৃহৎ নদীবান্ধ বন্ধ কৰাৰ কথা কলে৷ বিজেপিয়ে নিৰ্বাচনত যিমান কথা কলে নিৰ্বাচনত জিকাৰ পিছত পাল্টা মাৰি দিলে বুলি কয় অখিল গগৈয়ে৷ 

মোক জেল দিয়া নে যি দিয়া দিয়া এটা কথা স্পষ্টকৈ শুনি লওক চৰকাৰে৷ আমি স্পষ্টকৈ কৈছোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৭ ছেপ্তেম্বৰৰ দুয়োখন নিৰ্দেশ বাতিল নকৰিলে অসমৰ প্ৰত্যেক খন গাঁৱৰ পৰা আৰএছএছ, বিজেপিক খেদি খেদি বাহিৰ কৰি দিয়া হ’ব বুলি কয়৷ অসমৰ নতুন কোনো বিদেশীক গ্ৰহণ কৰা নহ’ব৷ ১৯৭১ চনৰ পিছত যদি ইশ্বৰো আহে, আল্লাও আহে, গড আহে তথাপিও আৰু অসমত নতুন মানুহক আমি ঠাই দিব নোৱাৰো৷

সভাত উপস্থিত থকা সকলোলোক প্ৰশ্ন সুধি অখিলে ১৯৭১ চনৰ পিছত অহা লোকক অসমত ঠাই দিব বিছাৰে নেকি কয়৷ ৰাইজে একেলগে মানি নলও বুলি কয়৷ ১৯৭১ চনৰ পিছত অহা লোকক অসমত ৰাখিব খোজাসকলক অখিলৈ হাত দাঙিবলৈ দিয়ে৷ এজনো লোকে হাত নাদাঙিলে৷ তাৰ পিছতে অখিলে জয় আই অসম শ্লগান দিয়ে৷ সকলো লোকেই একেলগে জয় আই অসম শ্ল’গান দিয়াত অখিলে কয় যে গোৱালপাৰাৰ মুছলমান মানুহে যেতিয়া জয় আই অসম শ্ল’গান দিছে বুলি কৈ এওঁলোকে কোনো বাংলাদেশীক অসমত থাকিবলৈ নিদিয়ে বুলি কয়৷

তাৰ পিছতো মানুহত অযথা হাৰাশাস্তি কৰি অহা হয় বুলি কয়৷ এনেধৰণৰ কথা কওঁ বাবে কিছুমানে কয় তই মুছলমানৰ পক্ষত আছ নেকি৷ অখিলে ইতিকিং কৰি মই মুছলমানৰ পক্ষত নাই বুলি কৈ গাৰো মানুহৰ পক্ষত থকা বুলি কয়৷ প্ৰতিগৰাকী গাৰো মানুহে মাটিৰ পট্টা পাব লাগি বুলি কয়৷ সকেলো সাধাৰণ মানুহে মাটিৰ পট্টা পাব লাগে৷ ৰাভা মানুহে মাটিৰ পট্টা পাব লাগিব৷ বলধ মাৰি চৰত থকা ১৯৭১ চনৰ পূৰ্বে অহা ভাৰতীয় মানুহবিলাকে প্ৰত্যেকে মাটিৰ অধিকাৰ পাব লাগে৷

তাৰ পিছতো যদি মোক কোনোবাই সমালোচনা কৰে কৰক৷ মই এনে সমালোচনা খাই পেলাও৷ মই নে ইলেকচন খেলো, না মই টকা খাও৷ মোৰ কাৰণে পাব লগা একো নাই সেয়েহে মই স্পষ্টকৈ ঘোষণা কৰো ১৯৭১ চনৰ পিছত অহা সকলো লোক অসম এৰিব লাগিব৷ মুছলমান, হিন্দু, খ্ৰীষ্টান সকলো যাব লাগিব৷