newsnextone.com | চাবুৱাঃ সৰ্বানন্দ সোণোৱালৰ সমষ্টিৰ হাজাৰ হাজাৰ মানুহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’ব নিদিয়ে৷ ভাল দিনৰ সপোন দেখুৱাই শাসন আৰু ক্ষমতালৈ অহা বিজেপিয়ে এতিয়া আমাক বাংলাদেশীৰ বোজা দিব বিচাৰিছে৷ তাৰ প্ৰতিবাদ স্বৰূপে অহা ১৫ জুনত আমি একেখন মঞ্চত একত্ৰিত হ’ম৷ সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি চাবুৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চই এই মন্তব্য আগবঢ়ায়৷ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ৫০ হাজাৰ ৰাইজৰ উপস্থিতিত বিশাল সমাবেশৰ আয়োজন কৰা বুলি কৈ উমৈহতীয়া মঞ্চ খনে৷ সংগঠনসমূহে মুখ্যমন্ত্ৰীক জাতিৰ স্বাৰ্থত জাতীয় নায়কৰ ভূমিকা পালন কৰিবলৈ দাবী জনায়৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীৰ জন্মস্থানতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজ জাগিছে৷ অসমীয়া বিৰোধী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতেই ব্যাপক পতিবাদ অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত ৫৮টা দল-সংগঠনৰ সন্মিলিত নাগৰিক মঞ্চই সংবাদমেল অনুষ্ঠিত কৰে। সন্মিলিত নাগৰিক মঞ্চৰ সভাপতি দিপনজ্যোতি ফুকন, কাৰ্যকৰী সভাপতি দেৱঋৰ্ষি চেতিয়া আৰু যুটীয়া সম্পাদক ধ্ৰুৱ গোঁহাই, ৰিন্টু গগৈয়ে দিনৰ ১১ বজাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰে সংবাদমেলখন৷