নগাঁও/ধিংঃ নগাঁও কাণ্ডই জোকাৰিছে ৰাজ্য৷ বান সাহায্য বিছাৰি যোৱা প্ৰাক্তন আলফাক বাংলাভাষী ব্যৱসায়ীয়ে হত্যাৰ চেষ্টা কৰা ঘটনাই উত্তাল কৰি ৰাখিছে ৰাজ্য৷ ধন দাবী কৰিবলৈ যোৱা বুলি মিছা অভিযোগ দি কেইবাজনো লোকে গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰি ডিঙিত বেল্টেৰে ছেপি ধৰি মুন বৰা নামৰ প্ৰাক্তন আলফাগৰাকীক হত্যাৰ চেষ্টা চলাইছিল৷
প্ৰথমে ঘটনাক একাংশ লোকে আন ফালে নিব বিছাৰিছিল যদিও চিচিটিভিৰ ফুটেজে স্পষ্ট কৰি দিয়ে যে, তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি হত্যাৰ চেষ্টা চলোৱা হৈছিল৷