newsnextone.com | তিনিচুকীয়াঃ উজনি অসমত কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ জাতি ধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাৰ পিছত জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহে দেওবাৰে তিনিচুকীয়া জিলাৰ মাকুমত অনুষ্ঠিত কৰে গণ সমাবেশ৷

নগাৰিকত্ব সংশোধনী বিধেয়ক, হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত দেওবাৰে মাকুমত কেইবাহাজাৰ লোক সমবেত হয়৷ বিধেয়ক বাতিলৰ দাবীত ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে চহৰ উত্তাল কৰি তোলে৷ 

কেইবা হাজাৰ লোকে জয় আই অসম, বিধেয়ক বাতিল কৰক, এই জুই জ্বলিছে জ্বলিবই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে৷ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক৷

বিৰাট ৰাজহুৱা সত ভাষণ প্ৰদান কৰি কৃষক নেতা অখিল গগৈয়ে অসমৰ ৰাইজে কোনো কালে এই বিধেয়ক যে গৃহীত হ’ব নিদিয়ে তাকেই আজি ৰাইজে প্ৰমাণ কৰা বুলি কয়৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসমৰ ২২টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত সমাবেশ অনুষ্ঠিত  হয়৷ মাকুম আঞ্চলিক মৰাণ সভাৰ সভাপতি কুসুম্বৰ নেওগৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গণ সমাবেশত বিভিন্ন জাতি-জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে উপস্থিত থাকে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে প্ৰবীণ জাতীয়তাবাদী ছাত্ৰ নেতা সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হোৱাৰ পিছত জয় আই অসম শ্ল’গান দিবলৈ পাহৰিলে কিয় বুলি প্ৰশ্ন উত্থাপন কৰে। সৰ্বানন্দ সোণোৱালে আজিকালি সভাই সমিতিয়ে ভাৰত মাতা কি জয় ধ্বনিহে কিয় দিয়ে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। 

সৰ্বানন্দ সোণোৱালৰ মুখত সোপা দিছে কোনে? গোটেই জীৱন বিদেশীৰ বিৰুদ্ধে সংগ্ৰামত জৰিত থকা আছুৰ প্ৰাক্তন সভাপতিজনে বিজেপি দললৈ গৈ এতিয়া বিদেশীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰা হ'ল কিয়? তেওঁ থকা দলৰ মানুহে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে হিন্দু বাংলাদেশীৰ হৈ কিয় ওকালতি কৰে? এইদৰে বিজেপি আৰ এছ এছে অসমীয়া জাতীয়তাবাদক নিঃশেষ কৰিবলৈ চক্ৰান্ত কৰিছে। ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ জাপি দিব খুজিছে অসমীয়া জাতিৰ ওপৰত বুলিও কয় অখিলে। 

হিন্দু ৰাষ্ট্ৰ গঠনৰ দুঃস্বপ্ন দেখি অসমলৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আমদানি কৰিব খুজিছে। অসমৰ থলুৱা জনগোষ্ঠীসমূহে ভোট নিদিয়াকৈ কেৱল হিন্দু বাংলাদেশীৰ ভোটেৰে নিৰ্বাচিত হোৱাৰ পৰিকল্পনাৰে স্থায়ী ভোটবেংক স্থাপনৰ চক্ৰান্তত লিপ্ত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খুজিছে। দিল্লী বিৰোধী অসমীয়া জাতীয়তাবাদক দুৰ্বল কৰাৰ চক্ৰান্তত লিপ্ত হৈছে চৰকাৰ। আটাইতকৈ ডাঙৰ কথা বিজপিত যোগদান কৰি অনেক অসমীয়া জাতীয়তাবাদীয়ে দিল্লী আৰু নাগপুৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলি একাংশ প্ৰাক্তন জাতীয়তাবাদীক অখিলে উভতি ধৰে। 

সৰ্বানন্দ সোণোৱালে জাতিৰ স্বাৰ্থ যেনেকৈ ত্যাগ কৰিছে, তাতোকৈ নিৰ্লজ্জ ভাবে হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে দিল্লী আৰু নাগপুৰৰ দালালিত নামিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ চিৰ কালৰ কাৰণে লুপ্ত হ'ব। এই বিধেয়ক পাছ হ'লে অসমীয়া জাতিয়ে মাটি বা সংস্থাপনৰ অধিকাৰটো হেৰুৱাবই, আটাইতকৈ অসমীয়া ভাষা অস্তিত্ব সংকটত ভুগিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাজনে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে বিদেশীয়ে ৰাজনৈতিক অধিকাৰ লাভ কৰিব আৰু ছয় বছৰৰ ভিতৰত বিদেশী অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব। আনকি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহ'লেও যোৱা ৭ ছেপ্টেম্বৰ ২০১৫ তাৰিখে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা 'পাৰপত্ৰ (ভাৰতত প্ৰৱেশ) সংশোধনী বিধি, ২০১৫' আৰু 'বিদেশী (সংশোধনী) নিৰ্দেশনা, ২০১৫' নামৰ দুটা বিধিগত সংশোধনীৰে অসমত থকা হিন্দু বাংলাদেশীসকলক বৈধ কৰি পেলালে বুলি কয়।

১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা বিদেশীসকলক স্বদেশী কৰা হ'ল। এইদুখন ভয়ংকৰ জাননী বাতিল কৰিব নোৱাৰিলে অসমতে অসমীয়া ভগনীয়া হ'ব। সেইবাবে অসমবাসীয়ে বহি থাকিলে নহ'ব, এতিয়া আপোচবিহীন সংগ্ৰাম গঢ়ি তুলি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ লগতে এই দুইখন জাননীকে বাতিল কৰাব লাগিব। সভাত অংশগ্ৰহণ কৰি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰানে যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাবই লাগিব বুলি দাবী কৰে।

তেওঁ কয় যে বিজেপি চৰকাৰ বিশ্বাসঘাটকৰ চৰকাৰ, এই চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈ জনগোষ্ঠীসমূহক প্ৰতাৰণা কৰিলে। সভাত চাহ জনজাতি ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক বিজয় তাঁতী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণ, জাতীয় মহিলা পৰিষদৰ সভানেত্রী মায়াৰাণী গগৈ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জিলা সম্পাদক পৰাগ কুমাৰ বৰাই নিজ নিজ বক্তব্য ৰাখে। 

সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ সভা, টাই আহোম যুৱ পৰিষদ, বাৰেকুৰী যুৱ সংঘ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম গোর্খা ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, মৰাণ জাতীয় মহিলা পৰিষদ, জাতীয় মহিলা পৰিষদ আদিকৰি ২২ টা জাতীয় সংগঠনৰ যৌথ উদ্যোগত অনুষ্ঠিত হয়।