newsnextone.com | তিনিচুকীয়াঃ উজনি অসমত কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ জাতি ধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাৰ পিছত জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহে দেওবাৰে তিনিচুকীয়া জিলাৰ মাকুমত অনুষ্ঠিত কৰে গণ সমাবেশ৷
নগাৰিকত্ব সংশোধনী বিধেয়ক, হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত দেওবাৰে মাকুমত কেইবাহাজাৰ লোক সমবেত হয়৷ বিধেয়ক বাতিলৰ দাবীত ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে চহৰ উত্তাল কৰি তোলে৷