সৰভোগঃ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান বৰনগৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আজিৰে পৰা আৰম্ভ কৰা হ’য়। অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক, অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আজি পাাঠ্যক্ৰমৰ আনুষ্ঠানিকভাৱে শুভৰাম্ভ কৰে ৪০নং সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে৷
বিধায়কগৰাকীয়ে সদ্য ঘোষিত স্নাতক পৰীক্ষাত প্ৰথম স্থান দখল কৰা বৰনগৰ মহাবিদ্যালয়ৰ ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বিধায়ক পুঁজিৰে নিৰ্মাণ হব’লগীয়া স্নাতকোত্তৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ ভৱনৰ আধাৰশিলা স্থাপনৰ পাছতে অনুষ্ঠিত এখন সভাত বৰনগৰ অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত নতুন ইতিহাস সংযোজন হ’ল বুলি বিধায়ক ৰঞ্জিত কুমাৰ দাসে মন্তব্য আগবঢ়ায়৷