চাবুৱাঃ বিশিষ্ট ব্যৱসায়ী তথা নাহৰকটীয়া বিধান সভা সমষ্টিৰ বিধায়ক নৰেন সোণোৱালে নিজৰ ব্যৱসায়ীক লাভৰ বাবে শ্ৰমিকৰ প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে।
উল্লেখ্য যে, চলিত বৰ্ষত চাবুৱাত ঠিকাদাৰ নৰেন সোণোৱালে অইলৰ জৰীপ কাৰ্যত মকৰল কৰা অস্থায়ী শ্ৰমিক সকলক প্ৰাপ্য মজুৰি ধন আদায় নিদিয়া বাবে মাঘ বিহুৰ উৰুকাত চাবুৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ যাৰ বাবে বিধায়কগৰাকীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত স্থায়ী ভাৱে কৰ্মৰত ৫ জন কৰ্মী গুৰুতৰ ভাৱে আহতও হৈছিল৷