• ডিকমত প্ৰধানমন্ত্ৰী মোডী প্ৰতিমূতি দাহ 

ডিব্ৰুগড়ঃ লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ গৃহিত হোৱাৰ পাছৰ পৰা সমগ্ৰ ৰাজ্য খনৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত প্ৰতিদিনে উত্তাল প্ৰতিবাদ মুখৰ পৰিবেশ বিৰাজ কৰিছে । 

এসময়ত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন তথা সাধাৰণ ৰাইজে সোণালী দলিছা পাৰি আদৰণি জনোৱা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ প্ৰতি এতিয়া যেন সকলোৰে বিতৃষ্ণা ভাব জাগি উঠিছে । লেই লেই ছেই ছেই কৰি বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে যেন ৰাজপথত  আবাল বৃদ্ধা বনিতায়ে এখন অঘোষিত যুদ্ধ হে পাতিছে । 

আজি মুখ্যমন্ত্ৰী গৃহ জিলা ডিকমত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে ফেষ্টুন লৈ নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ , সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ , বিজেপি কাম নাই আদি বিভিন্ন শ্লো'গান দি ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিমূতি দাহ কৰে ।

 

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই সৰ্বানন্দ সোণোৱালক অসমীয়া জাতিৰ খলনায়ক হিচাপে আখ্যা দিছে । নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিল নকৰিলে ঐতিহাসিক মটকৰ বেংমৰা ৰাজ্য পুনৰ গঠনৰ হকে সবল দাবী উত্থাপন কৰিব বুলি‌ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত সকিয়নী প্ৰদান কৰিছে । ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত বিজেপি চৰকাৰ খনে প্ৰতাৰণা কৰি আহিছে বুলি অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ত্ৰিদিপ দাসে মন্তব্য প্ৰদান কৰে । নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিল নকৰিলে বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ  দিয়ে ।