ডিব্ৰুগড়ঃ লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ গৃহিত হোৱাৰ পাছৰ পৰা সমগ্ৰ ৰাজ্য খনৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত প্ৰতিদিনে উত্তাল প্ৰতিবাদ মুখৰ পৰিবেশ বিৰাজ কৰিছে ।
এসময়ত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন তথা সাধাৰণ ৰাইজে সোণালী দলিছা পাৰি আদৰণি জনোৱা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ প্ৰতি এতিয়া যেন সকলোৰে বিতৃষ্ণা ভাব জাগি উঠিছে । লেই লেই ছেই ছেই কৰি বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে যেন ৰাজপথত আবাল বৃদ্ধা বনিতায়ে এখন অঘোষিত যুদ্ধ হে পাতিছে ।