newsnextone.com | তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ, বিক্ষোভ, ধৰ্ণা, জোঁৰ সমদল, মুণ্ডন কাৰ্যসূচী অব্যাহত আছে৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰ কঁপাই সকলো দল-সংগঠন, নাগৰিক বুদ্ধিজীৱি, লেখক, সাংবাদিক, অধিবক্তাকে ধৰি সৰ্বস্তৰ লোকেই ককাঁলত টঙালি বান্ধি ওলাই আহিছে যাতে কোনো কাৰণতে অবৈধ নাগৰিকৰ নাগৰিকত্ব প্ৰদান কৰা নহয়৷
তেজ দিম মাটি নিদিওঁ অংগীকাৰ কৰি অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, ৰাজ্য চৰকাৰৰ হায় হায় ধ্বনি কে ধৰি বিভিন্ন পন্থা অৱলম্বন কৰিও ক্ষান্ত হোৱা নাই৷ তিনিচুকীয়া জিলাৰ মটক যুৱ-ছাত্ৰ সন্মিলনৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমাবাসী ৰাইজৰ সহযোগত মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি বিতৰ্কিত বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায়৷