newsnextone.com | ডিজিটেল ডেস্কঃ টিউচন কৰিবলৈ গৈ এগৰাকী ১৪ বছৰীয়া কিশোৰী শিক্ষকৰ কামনাৰ বলি হয়৷ ব্যক্তিগত গণিতৰ টিউচন কৰিব যোৱাৰ সময়তে শিক্ষকে ধৰ্ষণৰ বলি হয়৷ 

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বালিয়া জিলাত৷ জানিব পৰা মতে, শিক্ষকে ছাত্ৰীৰ সন্মুখতে প্ৰথমে মােবাইলৰ কেমেৰা অন কৰে৷ তাৰ পিছতে এঠাইত মোবাইল থৈ কিশোৰীৰ সৈতে অনৈতিক কাৰ্য কৰিবলৈ চেষ্টা কৰে৷ 

কিশোৰীগৰাকীয়ে এই কাৰ্য কৰিবলৈ মান্তি নোহোৱাত ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দিয়ে৷ তাৰ পিছতে শিক্ষকে কিশোৰীগৰাকীৰ সৈতে অনৈতিক কাৰ্য সংঘটিত কৰে৷ 

ইপিনে সকলো দৃশ্য বন্দী কৰে ৰাখে শিক্ষকগৰাকীয়ে৷ কিন্তু যুৱতীয়ে ঘৰত উপস্থিত হৈ পৰিয়ালক সকলো কথা কৈ দিয়ে৷ তাৰ পিছতে গণিতৰ শিক্ষকৰ বিৰুদ্ধে পৰিয়ালে গোচৰ ৰুজু কৰে৷ গোচৰ দিয়াৰ কথা অৱগত হোৱাৰ পিছতে পলায়ন কৰে শিক্ষকে৷ আৰক্ষীয়ে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰে শিক্ষকক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷