Home ৰাজ্যমটক যুৱ-ছাত্ৰ পৰিষদক হেয় প্ৰতিপন্ন কৰিব খোজাৰ অভিযোগ

মটক যুৱ-ছাত্ৰ পৰিষদক হেয় প্ৰতিপন্ন কৰিব খোজাৰ অভিযোগ

by News Desk
58 views
A+A-
Reset

ডিব্ৰুগড়ঃ অসমীয়া জাতিৰ সংকটৰ সময়ত সকলোৱে একেলগ হৈ যুজ দিয়া জাতিয়-জনগোষ্ঠীয় সংগঠন সমূহক দূৰ্বল কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে ন্যস্তস্বাৰ্থ জড়িত মহলে৷ তাৰ মাজতে এটি জনগোষ্ঠী সংগঠনক হেয় প্ৰতিপন্ন কৰিব বিছৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উজনি অসমৰ শক্তিশালী জনগোষ্ঠীয় সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদক জনমানসত হেয় পতিপন্ন কৰিবলৈ এটি পক্ষ উঠি-পৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনৰ একাংশ নেতাই৷

সংগঠনৰ পৰা অসংবিধানিক কাৰ্যত লিপ্ত হৈ বহিষ্কাৰ হোৱা দুজন নেতা লুইত ফুকন আৰু হেমন্ত কুমাৰ বৰুৱাই এই ষড়যন্ত্ৰ ৰচা বুলি কয় সংগঠনটোৱে। কেৱল সহজে ধন ঘটাৰ উদ্দেশ্য অাগত ৰাখি জনসাধাৰণৰ স্বাৰ্থ পিঠি দি নিজৰ স্বাৰ্থ সিদ্ধি কৰাত বলিয়া হৈ শক্তিশালী সংগঠনটো নামৰ পাছত “স্বতন্ত্ৰ” শব্দটো যোগ দি অইল ইণ্ডিয়াকে ধৰি বিভিন্ন ধৰণৰ উদ্যোগ-প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভাড়াতীয়া যুৱকৰ সৈতে নিম্ন পৰ্যায়ৰ কাম কৰাৱ বুলি অভযোগ উত্থাপন কৰে মটক যুৱ-ছাত্ৰ পৰিষদ। এনে কাৰ্যক সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ গৰিহনা দিয়া লগতে সমাজ সচেতন লোকক যুৱক দুজনৰ সৈতে যোগাযোগ নাৰাখিবলৈ মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা অাৰু সাধাৰণ সম্পাদক উজ্জল বৰুৱাই এক বিবৃতি যোগে ৰাইজক আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0