Home ৰাজ্যচাবুৱাত চলি থকা চুলাই-লালিগুড়ৰ ব্যৱসায় বন্ধ কৰাৰ দাবী মটক যুৱ-ছাত্ৰ পৰিষদৰ

চাবুৱাত চলি থকা চুলাই-লালিগুড়ৰ ব্যৱসায় বন্ধ কৰাৰ দাবী মটক যুৱ-ছাত্ৰ পৰিষদৰ

by News Desk
61 views
A+A-
Reset

newsnextone.com | চাবুৱাঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া নিচা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে সমাজখনক বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈ আহিছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত গঢ় লৈ উঠা অবৈধ দেশী-বিদেশী চুলাইৰ ঘাটি সমূহে যুৱ প্ৰজন্মৰ মনত কু প্ৰভাৱ পেলাই ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ আনহাতে, একাংশ চৰাকৰী বিষয়াই ধন ঘটাৰ আশাত প্ৰশাসনেও তেনে মদৰ ঘাটি সমূহ উচ্ছেদ নকৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে৷

অবৈধ মদ, লালিগুড়, ড্ৰাগছ আদি নিচা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ ফলত বিভিন্ন অঞ্চলৰ পৰিবেশ প্ৰদূষিত হৈ পৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ চাবুৱা আঞ্চলত চুলাই মদ আৰু লালিগুড়ৰ ৰমৰমীয়া ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক উমাকান্ত গগৈ, উপ-সভাপতি নন্দন চাংমাই মদ, গাঞ্জা, ড্ৰাগছৰ দৰে বৰবিহৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত ডিব্ৰগড় জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি এই অভিযোগ উত্থাপন কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0