56
ডিফুঃ সমগ্ৰ বিশ্বৰ লগতে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত কাৰ্বি আংলং মটৰ পৰিবহণ শ্ৰমিক আৰু চালক সন্থাৰ উদ্যোগত ডিফু বেচৰকাৰী বাছ আস্থান সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয়৷
শ্ৰমিক দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি আব্দুল নুৰে। পতাকা উত্তোলনত সহযোগ কৰে সন্থাৰ উপ-সভাপতি ৰবিন গয়াৰীয়ে৷ শ্বহীদ তৰ্পন কৰে সধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে৷