মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰীত আজি অসম অ-সংগঠিত শ্ৰমিক সুৰক্ষা সন্থাৰ দ্বাৰা মে’ দিৱস উদযাপিত হয়। অঞ্চলটোৰ ৰিকামাৰী বুধবৰীয়া বজাৰ প্ৰাংগণত অসম অ-সংগঠিত শ্ৰমিক সুৰক্ষা সন্থা মিছামাৰী শাখাৰ সৌজন্যত আয়োজিত মে’ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত সংগঠনৰ পতাকা উত্তোলন কৰা হয়।
মিছামাৰী শাখা অ- সংগঠিত শ্ৰমিক সুৰক্ষা সন্থাৰ সভাপতি আবু ছালামৰ দ্বাৰা পতাকা উত্তোলনৰ পাছতে অঞ্চলটোৰ বিশিষ্ট সমাজ কৰ্মী অজিত ভৌমিকৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সংগঠনটোৰ শাখা সমিতিৰ সম্পাদক বিজয় বড়োৰ উদ্দেশ্য ব্যাখ্যাৰে পাতনি মেলা উক্ত সভাত গৃহেশ্বৰ হাজৰিকা, কৃষ্ণ বাহাদুৰ শৰ্মা, বকুল কোঁচ, সভাপতি আবু ছালাম আদিয়ে শ্ৰমিক সকলৰ বিভিন্ন সমস্যা, প্ৰাপ্য, বিভিন্ন সুবিধা আদি মালিক পক্ষৰ পৰা কেনেকৈ আদায় কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰি আৰু বিস্তৃতভাৱে দাঙি ধৰি ভাষণ প্ৰদান কৰে।