ডিফুঃ সমগ্ৰ বিশ্বৰ লগত পাহাৰীয়া জিলা কাৰ্বি আংলঙতো আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰিবলৈ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাই ডিফু বেচৰকাৰী বাছ আস্থানৰ কেন্দ্ৰীয় কাৰ্যালয় প্ৰাংগণত শ্ৰমিক দিৱস পালন কৰিব মঙলবাৰে৷
জিলাখনৰ বিভিন্ন প্ৰান্তত কৰ্মৰত বাছ, ট্ৰাক, টেক্সি আৰু লঘু যান বাহনৰ চালক আৰু নিৰ্মাণ আৰু বিভিন্ন ক্ষেত্ৰত কৰ্মৰত শ্ৰমিকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ সভাপতি আব্দুল নুৰ আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে৷