মায়’ডিয়া: ভূস্বৰ্গত পৰিণত অৰুণাচলৰ মায়’ডিয়া। সু-উচ্চ হিমালয়ৰ বুকুত বৰফৰ শুভ্ৰ ছাদৰ। অৰুণাচলৰ ইষ্ট ডিবাং ভেলীৰ অন্তৰ্গত মায়’ডিয়াত এতিয়া পৰ্যটকৰ ভিৰ। অসমৰ শদিয়াৰ পৰা প্ৰায় ৯৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত মায়’ডিয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ এইসময়ছোৱাত যথেষ্ট সংখ্যক পৰ্যটকৰ সমাগম ঘটে। বিশেষকৈ ডিচেম্বৰ মাহৰ শেষৰ ফালৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে শুকুলা বৰফে আগুৰি ধৰে মায়’ডিয়াৰ সমগ্ৰ অঞ্চল। বৰফে আবৃত এই দৃষ্টিনন্দন পাহাৰীয়া পৰিবেশৰ বাবেই মায়’ডিয়াক ভাৰতবৰ্ষৰ দ্বিতীয়খন ছিমলা হিচাপে বহুতে স্বীকৃতি দিব খোজে। অৱশ্যে উপযুক্ত প্ৰচাৰৰ অভাৱতে শুকুলা বৰফৰ ঠাই মায়’ডিয়াখন আজিও পৰ্যটকসকলৰ বাবে এলাগী হৈ ৰৈছে।
141
previous post