Home ৰাজ্যপশ্চিম গোৱালপাৰাবাসীক জীয়াতু ভোগাইছে জৰাজীৰ্ণ পথে

পশ্চিম গোৱালপাৰাবাসীক জীয়াতু ভোগাইছে জৰাজীৰ্ণ পথে

by webmaster
0 comments
A+A-
Reset
glpra rd

জৰাজীৰ্ণ পথৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভূগি আহিছে পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰবাসীয়ে ৷ গোৱালপাৰা জিলাৰ দুটা সমষ্টি ৩৭নং গোৱালপাৰা পশ্চিম আৰু ৩৯ নং জলেশ্বৰ৷ দুয়োটা সমষ্টিয়ে সংখ্যালঘু অধ্যুষিত৷ বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা সমষ্টি দুটাত নিৰ্বাচন আহিলেই উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷ সমষ্টিবাসীয়ে ৰাজনৈতিক নেতাৰ প্ৰলোভনযুক্ত ভাষণত ভোল গৈ সপোন দেখে যে এইবাৰ আমাৰ সকলো সমস্যা দূৰ হ’ব৷ কিন্তু নিৰ্বাচনৰ পিছত সমস্যাবোৰ সমস্যা হৈয়ে থাকে৷ অঞ্চল দুটাৰ মূল সমস্যা হ’ল যাতায়তৰ সমস্যা৷ অঞ্চল দুটালৈ সোমাব পৰা দুটা পথ আছে৷ এটা মাক্ৰীৰ পৰা আমবাৰী বগুৱান হৈ লক্ষীপুৰ৷ আনটো আগিয়াৰ পৰা লক্ষীপুৰ হৈ জলেশ্বৰ৷ কিন্তু দুয়োটা পথৰে অৱস্থা পুতৌলগা৷ ২০০৬ চনত গোৱালপাৰা পশ্চিম সমষ্টিৰ ৰাইজে পৰিৱৰ্তন বিচাৰি সমষ্টিৰ স্থানীয় নেতাক বৰ্জন কৰি সমষ্টিৰ বাহিৰৰ নেতা তথা বাঘবৰৰ বাসিন্দা (নিৰ্বাচন খেলাৰ লক্ষ্যৰে সমষ্টিত মাটি কিনি তাৰে বাসিন্দা হয়) আব্দুৰ ৰছিদ মণ্ডলক নিৰ্বাচিত কৰে৷ তেওঁৰ দিনত মাক্ৰী লক্ষীপুৰ সংযোগী পথটো কিছু উন্নত হয় যদিও নিম্নমানৰ কামৰ বাবে কিছুদিন পিছতে পুনৰ জৰাজীৰ্ণ হৈ পৰে৷ ইপিনে আগিয়া লক্ষীপুৰ সংযোগী পথটোৰে গাড়ী বাদেই মানুহ খোজ কঢ়াৰো উপযোগী নহয়৷ মণ্ডল বিধায়ক হোৱাৰ পিছৰে পৰা সমষ্টিৰ স্বাৰ্থ বিসৰ্জন দি ব্যক্তিস্বাৰ্থত নিমজ্জিত হোৱাত সমষ্টিৰ কোনো উন্নতি নহ’ল৷ ফলত সমষ্টিটো বহু বছৰ পিছুৱাই গ’ল৷ তেওঁৰ প্ৰতি ৰাইজৰ ক্ষোভ ইমানেই বৃদ্ধি পালে যে এটা সময়ত বিধায়ক গৰাকী সমষ্টিত সোমাব নোৱাৰা অৱস্থা হ’ল৷ ৰাইজৰ ক্ষোভৰ বহি:প্ৰকাশ ঘটিল ২০১১ৰ বিধানসভাৰ নিৰ্বাচনত৷ এই নিৰ্বাচনত ৰাইজে বিধায়ক গৰাকীৰ বিপক্ষে ভোট দি এ আই ইউ ডি এফৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমক নিৰ্বাচন কৰে৷ “এই নেতাসকলৰ সকলোৱে চোৰ। এইবাৰ কাকোৱে ভোট নিদিও। এইবাৰ ‘হুজুৰক’ ভোট দিম।’– সেইসময়ত ৰাইজৰ মন্তব্য আছিল এনেধৰণৰ৷ কিন্তু এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে সমষ্টিৰ কোনো কামেই নকৰিলে আৰু ৰাইজৰ মাজত শ্লিপিং বিধায়ক ৰূপে বিবেচিত হ’ল৷ ৰাইজে বিকল্প বিচাৰি নাপাই ২০১৬ চনৰ নিৰ্বাচনত আব্দুৰ ৰছিদ মণ্ডলক পুনৰ নিৰ্বাচিত কৰে৷ কিন্তু আজিলৈকে বিধায়ক গৰাকীয়ে বাট-পথ মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ফলত ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা সদৃশ হৈ পৰিছে। “আমাৰ সমষ্টিত যে এগৰাকী বিধায়ক আছে আমাৰ অনুভৱেই নহয়৷ বিধায়ক হৈ থাকোতে আমাৰ যি অৱস্থা, নাথাকিলেও একেই অৱস্থা হ’ব৷ গতিকে তেওঁ থকা, নথকা একেই কথা৷”–www.newsnextone.com ৰ সমুখত এইদৰে ক্ষোভ উজাৰে অঞ্চলটোৰ কেবাজনো লোকে।

webmaster
Author: webmaster

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0