ডিজিটেল ডেস্কঃ দিল্লী পৌৰ নিগমৰ ২৩ এপ্ৰিলত অনুষ্ঠিত নিৰ্বাচনৰ আজি ফলাফল ঘোষণা কৰা হ’ব। আন যিকোনো নিৰ্বাচনৰ দৰেই এইবাৰো পৌৰ নিগমৰ নিৰ্বাচনত গেৰুৱা দলৰপৰা আৰম্ভ কৰি আপ, কংগ্ৰেছ দলে যৎপৰোনাস্তি চেষ্টা কৰিছিল। ভোটৰ গণনা আজি পুৱা ৮ বজাৰপৰা আৰম্ভ হৈছে। ৩৫ স্থানত ভোট গণনা কৰা হ’ব।
উল্লেখ্য যে ভোটগণনাৰ পূৰ্বে হোৱা এগজিট প’লত বিজেপি দলটোৱে ব্যাপক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল। সমীক্ষা মতে ২৭০ টা ৱাৰ্ডৰ ২০২ ৰপৰা ২২০ টাতেই বিজেপি জয়ী হ’ব বুলি এগজিট প’লে ঘোষণা কৰিছিল।