ডিফুঃ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ছ্যুকাফা ভৱনত আজি তাই আহোম কালচাৰেল ছ’চাইটিৰ উদ্যোগত মে-ডাম -মে -ফী উৎসৱ দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ আজি পুৱাৰে পৰা ডিফু ধৰমনালা স্থিত ছ্যুকাফা ভৱনত সদৌটি সমবেত হৈ মে-ডাম -মে -ফীৰ পূজা অৰ্চনাত অংশ গ্ৰহণ কৰে ৷
এই উপলক্ষে যুগুত কৰা কাৰ্যসূচী অনুসৰি ফুৰালুঙত অদৃশ্যজনক সুৱঁৰি ১০১ গচি বন্তি প্ৰজলন কৰাৰ লগতে মাহ প্ৰসাদ আগবঢ়োৱা হয় ৷ আজি পুৱা মে-ডাম-মে -ফীৰ পতাকা উত্তোলন কৰে তাই আহোম কালচাৰেল ছ’চাইটিৰ সভাপতি চ্যাও দেৱ গগৈয়ে, মৈদাম তৰ্পণ কৰে কাৰ্যকৰী সভাপতি চ্যাও প্ৰিয়ৰাম দিহিঙ্গীয়াই, ইয়াৰ পিছতে আহোম সকলৰ পূৰ্ব পুৰুষক সোঁৱৰি সম্পন্ন হয় বানফী পুজা ৷ বানফী পূজা সম্পন্ন কৰে সুদূৰ শিৱসাগৰৰ পাটসাঁকোৰ পৰা অহা চাৰি পুৰুহিত ক্ৰমে চ্যাও তৰিৎ বৰুৱা, চ্যাও সুভন ফুকন, চ্যাও ধিৰেণ ফুকণ আৰু চেনিৰাম মোহন ৷