গুৱাহাটীঃ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুসৰি বুধবাৰে ৰাজ্যজুৰি টাই আহোম জনগোষ্ঠীৰ লোকসকলে মে-ডাম-মে-ফি উৎসৱ পালন কৰে৷ উজনিৰ শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, লখিমপুৰ আদি জিলাৰ লগতে গুৱাহাটী মহানগৰীত বুধবাৰে পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে টাই আহোম জনগোষ্ঠীৰ লোকসকল৷ চাওলুং চ্যুকাফাৰ দিনৰে পৰা অসমৰ টাই-আহোম জনগোষ্ঠীয়ে পালন কৰি আহিছে মে-ডাম-মে-ফি উৎসৱ৷
টাই-আহোম জনগোষ্ঠীৰ লোক সকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে৷ ধৰ্মীয় সামাজিক উত্সৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে৷ বিশেষ উপাসনাৰ জৰিয়তে সমৃদ্ধি কামনা কৰে৷ মে-ডাম-মে-ফী এখন পূজাৰ জৰিয়তে পালন কৰা হয়৷