পাঞ্জাবাৰীঃ ২০০৬ চনৰ পূৰ্বে অসম চৰকাৰৰ দ্বাৰা অষ্টম শ্ৰেণীলৈ স্বীকৃতি প্ৰাপ্ত আৰু ২০০৬ চনৰ পিছত ছেবাৰ দ্বাৰা দশম শ্ৰেণীলৈ স্বীকৃতি প্ৰাপ্ত হাইস্কুল আৰু হাইমাদ্ৰাছা সমুহ প্ৰাদেশীকৰণ সন্দৰ্ভত আজি সদৌ অসম ভেন্সাৰ হাইস্কুল শিক্ষক সন্থাই অসমৰ ৰাজ্যপাল গৰাকীৰ সৈতে ৰাজভৱনত আলোচনাত মিলিত হয়।
উক্ত আলোচনাত সন্থাৰ সভাপতি হেলাল উদ্দিন আৰু সাধাৰণ সম্পাদক কনক কলিতাৰ উপৰিও অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে। আলোচনা কালত ৰাজ্যপাল পুৰোহিতে বিষয়তো বিভাগীয় মন্ত্ৰী, বিষয়া আৰু মুখ্যমন্ত্ৰীক অবগত কৰাৰ লগতে যাবতীয় নীতি-নিৰ্দেশনা প্ৰদান কৰিব বুলি সন্থাক আশ্বাস প্ৰদান কৰে।