জেৰিকিন্দেঙত আত্মসহায়ক গোটৰ পশুপালনক লৈ সজাগতা

Home ৰাজ্যজেৰিকিন্দেঙত আত্মসহায়ক গোটৰ পশুপালনক লৈ সজাগতা

জেৰিকিন্দেঙত আত্মসহায়ক গোটৰ পশুপালনক লৈ সজাগতা

by News Desk
48 views
A+A-
Reset

খেৰণিঃ সদ্যঘোষিত জিলা পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৯ নং আমৰেং সমষ্টিৰ অন্তৰ্গত জেৰিকিন্দেঙত আজি বৃহত্তৰ সমষ্টিটোত থকা মহিলা আত্ম-সহায়ক লৈ পশু পালনৰ সন্দৰ্ভত সজাগতা, প্ৰশিক্ষণ আৰু পশুধন বিতৰণীৰ এখন সভা অনুষ্ঠিত হৈ যায়৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা পশুপালন বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা আজিৰ এই সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সদস্যা তথা উক্ত সমষ্টিটোৰ জনপ্ৰতিনিধি ৰীণা টেৰাংপি উপস্থিত হোৱাৰ বিপৰীতে আমৰেং সমষ্টিৰ গাঁও উন্নয়ণ সমিটিৰ অধ্যক্ষ লোকাছ মিলিক, পশ্চিম কাৰ্বি আংলং জিলা মহিলা মৰ্চাৰ উপ-সভানেত্ৰী কীনা দাউলাগফুৰ লগতে পশুপালন বিভাগৰ বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে৷ 

আয়োজিত সজাগতা, প্ৰশিক্ষণ আৰু পশুধন বিতৰণী সভাত অংশ লোৱা সমষ্টিটোৰ মহিলা আত্ম-সহায়ক গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্যাক উদ্দেশ্যি পৰিষদৰ পৰিষদীয় সদস্যা ৰীণা টেৰাংপিয়ে ভাষণ প্ৰদান কৰে৷ তেওঁ কয় যে “পশুধন পালনৰ উপৰিও আদা-হালধী-ঝাড়ু উৎপাদনেৰেও অতি সহজে আৰু কম মুলধনেৰে পাহাৰীয়া জিলাখনৰ আত্ম-সহায়ক গোটে ধন উপাৰ্জন কৰিব পাৰে অথবা বৃহৎ পুঁজিৰ গৰাকী হ’ব পাৰে”৷ আৰু এই উপাৰ্জনেৰে একো একোটা আত্ম-সহায়ক গোটৰ পৰিয়ালে সুনিশ্চিতভাৱে নিজৰ আৰ্থিক অভাৱও দূৰ কৰিব পাৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0