57
নগাঁওঃ মাকৰ কোলাৰ পৰা নামিবলৈ তেওঁৰ বেছি বছৰ হোৱা নাছিল৷ তেওঁ চোতালত বোকা পানীৰে খেলিব এৰিছিল হে মাথো৷ দৰিদ্ৰ পিতৃ-মাতৃয়ে আলসৰ লাড়ু আছিল তেওঁ৷ তেওঁক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোণ দেখিছিল পিতৃ-মাতৃয়ে৷
আন দহগৰাকী কিশোৰীৰ দৰে তেওঁ হাঁহি ধেমালি কৰিছিল৷ পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব খুজিছিল৷ বহু সপোন বহু আশা বুকুত বান্ধি কণমানিগৰাকী এই পৃথিৱীৰ পৰা বিদায় মাগিলে৷