Home ৰাজ্যচিলাপথাৰত ‘আদি মিচিং বানে কেবাঙ’ৰ গুৰুত্বপূৰ্ণ সভা

চিলাপথাৰত ‘আদি মিচিং বানে কেবাঙ’ৰ গুৰুত্বপূৰ্ণ সভা

by News Desk
71 views
A+A-
Reset

জোনাইঃ আদি মিচিং বানে কেবাঙৰ উদ্যোগত মঙলবাৰে ধেমাজি জিলাৰ চিলাপথাৰ মহাবিদ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা একে পূৰ্বপুৰুষ তথা আবতানিৰ বংশধৰ  মিচিং আৰু আদি জনগোষ্ঠীৰ বাসভূমি সুৰক্ষিত কৰা, দুই জনগোষ্ঠীৰ মাজত সম্বন্ধ সুদৃঢ় কৰাৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিবলৈ উপস্থিত সকলোৱে ঐক্যমত পোষণ কৰে। 
  
প্ৰায় ৩৬ খন গাঁৱত ৫০ হেজাৰোধিক মিচিং লোকে অৰুণাচল প্ৰদেশত দীৰ্ঘদিন ধৰি জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হৈ আছে। আৰু অৱহেলিত জনগোষ্ঠী হিচাপে দুৰ্বিহ জীৱন যাপন কৰি অন্যতকৈ সকলো দিশতে পিছ পাৰি থাকিব লগীয়া হৈছে। এনে ক্ষণতে আদি মিচিং বানে কেবাঙে অতি শীৰ্ঘে অৰুণাচলত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনাইছে। অন্যথা অসম অৰুণাচলৰ আদি মিচিং বসতি অঞ্চলত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। 

সভাত TMPK কেন্দ্ৰীয় কমিটিৰ সভাপতি নৰেশ কুম্বাং, সম্পাদক পদ্মলোচন দলে, মিচিং বানে কেবাঙৰ সম্পাদক গিৰিন মৰাং, অৰুণাচল গেকু মাৰয়াং সমষ্টিৰ বিধায়ক অলম পাঞাং, জোনাইৰ বিধায়ক ভূবন পেগু, আদি মিচিং বানে কেবাঙৰ সভাপতি ৰাজু মেদক, সম্পাদক অকম য়চুং , সদস্য বিধান মিলি আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0