নগাঁওঃ অহা ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰম্ভ হৈছে নগাঁও জিলাত৷ ইয়াৰ অংশ হিচাপে খাগৰিজান শিক্ষা খণ্ডৰ উদ্যোগত বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন শৈক্ষিক সভা অনুষ্ঠিত কৰা হয় ৷
বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ দুলাল বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসংগত সমাগত গুণোৎসৱত যি সমূহ বিদ্যালয়ে উৎকৃষ্ট মানদণ্ড প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব, সেই বিদ্যালয়সমূহক বিশেষভাৱে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰে৷