জাজৰিঃ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৫১টা পঞ্জীয়নভূক্ত গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকৰ উপস্থিতিত জাজৰি থানাস্থিত গাঁওৰক্ষী বাহিনীৰ সভাগৃহত আগন্তুক দুৰ্গোৎসৱত জাজৰি থানা এলেকাত সম্পূৰ্ন শান্তিপূৰ্ন ভাবে পালনৰ আহ্বান জনাই এখন গুৰুত্বপূৰ্ন সভা অনুষ্ঠিত কৰে।
থানা সমিতিৰ সভাপতি যজ্ঞ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীন ভৰালী, চক্ৰ সংগঠক বিষয়া হিৰণ্য প্ৰসাদ কাকতি, উপ সভাপতি ডিম্বেশ্বৰ বৰা, আৰফান আলীয়ে শান্ত-শৃংখলাৰ ওপৰত ভাষণ ৰাখে।