কোকৰাঝাৰঃ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই ৰাজ্যৰ খিলঞ্জীয়া নাথ যোগী জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু ৰাজনৈতিক সমস্যা আৰু সমাধানৰ সূত্ৰ বাহিৰ কৰিবলৈ এক সাধাৰণ সভা আহ্বান কৰিছে।
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে এক প্ৰেছ বিবৃতি যোগে সদৰি কৰা মতে জনগোষ্ঠীটোৰ প্ৰতি চৰকাৰে দেখুওৱা অৱহেলা তথা বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰিবলৈ অহা ৩ চেপ্টেম্বৰত গুৱাহাটীৰ পল্টন বজাৰস্থিত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ ভৱনত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত এক সাধাৰণ সভা অনুষ্ঠিত হ’ব।