চাবুৱাঃ ৰাজ্যৰ বিভিন্ন ঠাইত আজিও সাংবাদিকে নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷ ৰাজ্যৰ সাংবাদিক সংগঠনসমূহে সাংবাদিকৰ সুৰক্ষাৰ প্ৰশ্নটো বাৰে বাৰে উত্থাপন কৰে যদিও ৰাজ্যৰ কোনো চৰকাৰে আজিলে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হয়৷
আৰ্থিক সুৰক্ষাৰ বাবেও সাংবাদিক সকলে দাবী জনায় আহিছে যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হয়৷ তাৰ মাজতে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সাংবাদিক সকলে সাংবাদিকৰ সুৰক্ষা, নিৰ্যাতন আদিৰ বিৰুদ্ধে মাত মাতিবলৈ গঠন কৰিছিল চাবুৱা মিডিয়া ফ’ৰাম৷