নগাঁওঃ নগাঁও জিলাৰ হাইস্কুল শিক্ষক সংস্থাৰ অন্তৰ্গত আন্তঃ হাইস্কুল পৰীক্ষা পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা শনিবাৰে শিক্ষা ভৱন কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। পুৱা পৰীক্ষা পৰিষদৰ সভাপতি জীৱন চন্দ্ৰ বৰাই পৰিষদৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ কৰে নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি মদন চন্দ্ৰ বৰাই। 

জীৱন চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত বিশিষ্ট অতিথি ৰূপে নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল নেওগ উপস্থিত থাকি মীনা বৰাৰ দ্বাৰা সম্পাদিত পৰিষদৰ মুখপত্ৰ জ্ঞানামৃত উন্মোচন কৰে। 

সাধাৰণ সভাত নগাঁও জিলা আন্তঃ হাইস্কুল পৰীক্ষা পৰিষদৰ অন্তৰ্গত বিদ্যালয়সমূহৰ বাৰ গৰাকী অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষকক সম্বর্ধনা জনোৱা হয়। নগাঁও জিলা আন্তঃ হাইস্কুল পৰীক্ষা পৰিষদৰ প্ৰাক্তন সভাপতি গোপীনাথ দাধৰা আৰু পূৰ্ণানন্দ শইকীয়াই অতিথি ৰূপে উপস্থিত থকা সভাখনত নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি মদন চন্দ্ৰ বৰা, জিলা সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

নৱাগত বিদ্যালয় প্ৰধানসকলৰ চিনাকি পৰ্ব অনুষ্ঠিত হোৱাৰ পাছতে বিগত সাধাৰণ সভাৰ কাৰ্য বিৱৰণী পাঠ কৰে অধিবিদ্যা পৰিষদৰ সম্পাদক ফজলুল হক মৰলে। আজিৰ সভাতে ২০১৮-১৯ বৰ্ষৰ বাবে জীৱন চন্দ্ৰ বৰাক সভাপতি আৰু নন্দেশ্বৰ বৰুৱাক সচিব হিচাপে লৈ এখনি ১৮ জনীয়া সমিতি গঠন হয়।

বিদ্যালয়সমূহৰ পৰীক্ষা পদ্ধতি সম্পৰ্কে আজি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ জৰিয়তে অসম হাইস্কুল শিক্ষক সংস্থালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা সভাখনত পৰিষদৰ অন্তৰ্গত প্ৰায় সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে অংশগ্ৰহণ কৰে।