নগাঁওঃ নগাঁও জিলাৰ হাইস্কুল শিক্ষক সংস্থাৰ অন্তৰ্গত আন্তঃ হাইস্কুল পৰীক্ষা পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা শনিবাৰে শিক্ষা ভৱন কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। পুৱা পৰীক্ষা পৰিষদৰ সভাপতি জীৱন চন্দ্ৰ বৰাই পৰিষদৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ কৰে নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি মদন চন্দ্ৰ বৰাই।
জীৱন চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত বিশিষ্ট অতিথি ৰূপে নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল নেওগ উপস্থিত থাকি মীনা বৰাৰ দ্বাৰা সম্পাদিত পৰিষদৰ মুখপত্ৰ জ্ঞানামৃত উন্মোচন কৰে।