ডিব্ৰুগড়ঃ অহা ১৯ আৰু ২০ আগষ্টত কাজিৰঙাত অনুষ্ঠিত হ’ব টাই আহোম য়ুথ ফৰামৰ এখন সভা৷ জাতীয় পুঁজি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হ’বলগীয়া সভাখন টাই আহোম য়ুথ ফৰামৰ গোলাঘাট জিলা সমিতিৰ কাজিৰঙা আঞ্চলিক সমিতিৰ সহযোগত কাজিৰঙাৰ হোটেল পাটকাইত অনুষ্ঠিত হ’ব।
ৰাজ্যৰ প্ৰতিখন জিলাৰ তাই আহোম অধ্যুষিত অঞ্চলৰ পৰা দুজনকৈ প্ৰতিনিধিয়ে সভাত অংশ গ্ৰহণ কৰিব৷ ফ’ৰামৰ সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈ আৰু সহকাৰী সম্পাদক অৰিন্দম বৰুৱাই ৰাইজৰ সহযোগ বিচাৰি ৬০০ বছৰ ৰাজত্ব কৰা, বৰ অসমৰ নিৰ্মাতা আহোম জনগোষ্ঠীৰ আজি পানীত হাঁহ নচৰা অৱস্থা হোৱা বুলি কয়৷