61
নলবাৰীঃ জ্যেষ্ঠ নাগৰিক মঞ্চৰ নলবাৰী জিলাৰ বৰভাগ সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন দেওবাৰে দেহাৰকুছি মনসা পীঠ প্ৰাংগণত অনুষ্ঠিত হয়৷
অধিবেশনৰ লগত সংগতি ৰাখি দিনৰ ১২ বজাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বৰভাগ নাগৰিক মঞ্চৰ সভাপতি যোগেন্দ্ৰ গোস্বামীয়ে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম উপাচাৰ্য্য ড০ অমৰজ্যোতি চৌধুৰীয়ে৷