খেৰণিঃ পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত সৃষ্টি তীব্ৰ উত্তেজনা। সীমান্তত পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে সীমান্ত উপ আৰক্ষী চকী(BOP) স্থাপন কৰাক কেন্দ্ৰ কৰি মেঘালয়ৰ ৰাইজে সৃষ্টি কৰে উত্তেজনাৰ।
যোৱা ১১ জুনত জেৰিকীণ্ডিং আৰক্ষী থানাৰ অন্তৰ্গত উমখ্ৰীমি গাঁওত অসম আৰক্ষীৰ এটা সীমান্ত উপ আৰক্ষী চকী (BOP) স্থাপন কৰিছিল পশ্চিম কাৰ্বি আংলং আৰক্ষী প্ৰশাসনে। কিন্তু অসমৰ ভূমিত স্থাপন কৰা সীমান্ত উপ আৰক্ষী চকী উঠাই দিবলৈ ওলাই আহিল মেঘালয়ৰ ৰাইজ আৰু প্ৰশাসন।