মেঘালয়ঃ প্ৰকৃতিপ্ৰেমৰ অভিনৱ নিৰ্দশন দাঙি ধৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়ে৷ বন্য জীৱ জন্তু সংৰক্ষণৰ বাবেই এক বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰিছে পূবৰ স্কটলেণ্ড খ্যাত মেঘালয়ে৷ ৰাজ্যখনৰ এখন সৰু গাৱঁত মাছ সংৰক্ষণৰ বাবে ৰিলাংগ নদীত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিছে গাওঁবাসীয়ে৷

এই গাওঁখন নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন কমিউনিটি ৰিচৰ্ছ মেনেজমেন্ট প্ৰজেক্টৰ অন্তৰ্গত৷ মুলত পৰিৱেশৰ আৰু মানুহৰ ভাৰাসাম্য ৰক্ষাই এই আচনিৰ মুখ্য উদ্দেশ্য৷

পশ্চিম খাছী পাহাৰত অৱস্থিত ৰোহবাহ নামৰ গাওঁৰ লোকসকলে প্ৰায় বিলুপ্তপায়ী মাছ সংৰক্ষণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰোহবাহ গাওঁৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে নিকতৱৰ্তী গাঁওসমুহে৷ প্ৰায় ২৫০ ঘৰ মানুহে বাস কৰা গাওঁখনত মাছৰ অভয়াৰণ্য অৱস্থিত৷

উক্ত অভয়াৰণ্য প্ৰায় ৫ বছৰ আগতেই স্থাপন কৰা হৈছিল৷ যিসময়ত অসমত প্ৰত্যেক দিনাই মানুহৰ নৃশংসতাৰ বলি হৈ বন্য জীৱ জন্তু সমুহে প্ৰাণ দিবলগীয়া হৈছে সেই সময়তে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এই গাওঁখন আমাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে৷