newsnextone.com | ডিজিটেল ডেস্কঃ পিএনবি কেলেংকাৰীৰ মুখ্য অভিযুক্তসকলৰ অন্যতম এজন মেহুল চৌকসীয়ে অধিবক্তা সঞ্জয় অৱাত আৰু ৰাহুল আগৰৱালৰ জৰিয়তে মুম্বাইৰ এক বিশেষ চিবিআই আদালতত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা জামিন বিহীন গোচৰ দুটা প্ৰত্যাহাৰ কৰাৰ আবেদন কৰে৷

মেহুলে কয় যে, তেওঁৰ স্বাস্থ্যৰ অসুবিধাৰ কাৰণে তেওঁ যাত্ৰা কৰিব পৰা স্থিতিত নাই৷ লগতে ভাৰতত তেওঁৰ জীৱনলৈও শংকা আছে৷ বিগত কিছুদিনৰ ভিতৰত ভাৰতত বৃদ্ধি পোৱা গণ প্ৰহাৰৰ ঘটনাসমূহ প্ৰত্যক্ষ কৰি তেওঁ ভাৰতত গণ প্ৰহাৰৰ সন্মুখীন হ’ব লাগিব বুলি ভিতীগ্ৰস্থ হৈছে বুলি কয় মেহুলে৷

যোৱা বুধবাৰে মেহুলে চিবিআইৰ বিশেষ আদালতক আবেদন জনাইছিল৷ তেওঁ ইয়াৰ কাৰণ দৰ্শাই কয় যে ভাৰতত তেওঁৰ জীৱনক লৈ বিপদ আছে৷ যাৰ বাবে তেওঁ ভাৰতলৈ উভটি আহিব নোৱাৰে৷ সেই বাবে তেওঁৰ বিৰুদ্ধে আদালতে দুটা গোচৰৰ বাবে জাৰি কৰা জামিন বিহীন জাননী প্ৰত্যহাৰ  কৰিব লাগে৷

উল্লেখ্য যে, মুম্বাইৰ বিশেষ চিবিআই আদলতে মেহুল চৌকসীৰ বিৰুদ্ধে এপ্ৰিল আৰু মে’ মাহত জামিন বিহীন গ্ৰেপ্তাৰী পৰৱোনা জাৰি কৰিছিল৷ যাৰ পিছত মেহুলে আদালতত উপস্থিত হ’ব নোৱাৰাৰ বাবে দহটা কাৰণ দৰ্শাইছিল৷ এই কাৰণ সমূহ দৰ্শাই মেহুলে দাবী কৰিছিল যে ৫ ধৰণৰ ভাৰতীয় লোক তেওঁক লৈ ক্ষোভিত হৈ আছে আৰু তেওঁক সন্মুখত পালে যিকোনো প্ৰকাৰে হত্যা কৰিব৷

তেওঁৰ বিৰুদ্ধে ক্ষোভিত হৈ থকা লোক সকলৰ ভিতৰত তেওঁৰ কম্পানীত কৰ্মৰত দৰমহা আৰু অন্যান্য প্ৰাপ্য সমূহ চৌকসীয়ে আদায় নিদিয়া কৰ্মচাৰী, পিনএনবি কেলেংকাৰীত আটক হোৱা মেহুলৰ তলতীয়া কৰ্মচাৰী, তেওঁৰ পৰিয়ালবৰ্গ আদি তেওঁৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে বুলি মন্তব্য কৰে মেহুলে৷ ইয়াৰ বাহিৰেও গৃহৰ মালিক, ঋণ দাতা সকলো মেহুলৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে বুলি কয় মেহুলে৷

আনফালে, নীৰৱ মোডীৰ কাণ্ডতকৈ চৌকসীৰ কেলেংকাৰী সম্পূৰ্ণ পৃথক বুলি দাবী কৰে চৌকসীয়ে৷ পিএনবি কেলেংকাৰীৰ সৈতে তেওঁ জড়িত নথকাৰ পিছতো তেওঁৰ সম্পত্তি সমূহ বাজেয়াপ্ত কৰা হৈছে বুলি অভিযোগ কৰে মেহুল চৌকসীয়ে৷ ইফালে, চৌকসীয়ে কৰা আবেদনৰ পিছত আদালতে ১১ জুলাইত শুনানি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷