ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপি মনোনীত প্ৰাৰ্থী ৰাম নাথ কোবিন্দৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’ব লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত অনুষ্ঠিত এখন বৈঠকৰ অন্তত বিৰোধীসকলে সৰ্বসন্মতভাৱে মীৰা কুমাৰৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে এয়া নিশ্চিত হৈ পৰে৷ উল্লেখ্য যে বিজেপিৰ প্ৰাৰ্থী কোবিন্দৰ দৰে মীৰা কুমাৰো হৈছে দলিত সম্প্ৰদায়ৰ৷
শেহতীয়া কেইটামান আপডেটঃ
১৷ বিজেপিয়ে দলিত প্ৰাৰ্থী প্ৰক্ষেপ কৰালৈ চায়েই বিৰোধীয়েও একে কৌশল গ্ৰহণ কৰে৷ মায়াৱতী নেতৃত্বাধীন বহুজন সমাজবাদী প্ৰাৰ্থীৰ দৰে আন বিজেপি বিৰোধী দলবোৰৰ সমৰ্থন সহজে লাভ কৰাৰ বাবেই এনে সিদ্ধান্ত লোৱা হৈছে বুলি অনুমান কৰা হৈছে৷
২৷ যোৱা বুধবাৰে মীৰা কুমাৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰিছিল৷
৩৷ ৰাম নাথ কোবিন্দৰ দৰে মীৰা কুমাৰৰ বয়স প্ৰায় ওচৰা-ওচৰি৷ কোবিন্দৰ বয়স ৭১বছৰৰ বিপৰীতে মীৰা কুমাৰীৰ বয়স হৈছে ৭২ বছৰ৷
৪৷ বিৰোধী দলসমূহৰ ভিতৰত কংগ্ৰেছ আৰু বাওপন্থীসকলেই কোবিন্দৰ বিৰুদ্ধে সকলোৱে একগোট হৈ উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ পক্ষত আছিল৷ আজিৰ বৈঠকত মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰে৷
৫৷ ইতিমধ্যে বিজেপিয়ে ৬০ শতাংশ ভোট লাভ কৰাতো নিশ্চিত হৈ পৰিছে৷ কিন্তু বিৰোধীয়ে সুস্থ গণতন্ত্ৰৰ স্বাৰ্থতে নিৰ্বাচন অনুষ্ঠিত হোৱাতো বিচাৰিছিল৷
৬৷ বিজেপি বিৰোধী শিবিৰত মোক্ষম আঘাত হানি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ প্ৰাৰ্থী কোবিন্দলৈ সমৰ্থন আগবঢ়াইছে৷
৭৷ সকলো বিৰোধী দলে মীৰা কুমাৰক সমৰ্থন আগবঢ়াব নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷
৮৷ এন চি পিৰ শাৰদ পাৱাৰে প্ৰতিদ্বন্দিতা হ’ব বুলি আশা প্ৰকাশ কৰিছে৷