108
বালিপাৰাঃ বনৰীয়া হাতীৰপৰা পৰিত্ৰাণ কেতিয়া পাব শোণিতপুৰবাসীয়ে। প্ৰতিদিনে জিলাখনৰ কোনোবা নহয় কোনোবা ঠাইত হাতী-মানুহৰ সংঘাতৰ ফলত ধনজনৰ ক্ষতি হোৱাৰ বাতৰি প্ৰকাশ হৈ আহিছে।
শোনিতপুৰ জিলাত ক্ৰমাৎ বৃদ্ধি হৈ অহা হাতী মানুহৰ সংঘাত ৰুধিবলৈ চৰকাৰ কিম্বা বন বিভাগে উচিত পদক্ষেপ লোৱা দেখা নাযায়। একাংশ লোকে জনাঞ্চল বেদখল কৰি ঘৰ সাজি বাস কৰিব লোৱাত হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি হোৱা বুলিও কব খোজে।