নলবাৰীঃ ‘‘প্ৰয়াত সাহিত্যিক চানাৰাম কলিতা আছিল নিজেই এক অনুষ্ঠান। তেওঁৰ জীৱন বৃত্ত, জ্ঞানৰ বিস্তৃতি আছিল অপৰিসীম। ইঞ্চিৰ জোখেৰে সৰু হলেও বুকুখন আছিল প্ৰশান্ত মহাসাগৰৰ দৰে বিশাল’’। -এই মন্তব্য শিক্ষাবিদ ফনিধৰ ডেকাৰ।
আজি নলবাৰীৰ ৰণাকুছিত সাহিত্যিক চানাৰাম কলিতাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত স্মৃতিচাৰণ সভাত সাহিত্যিক গৰাকীৰ স্মৃতিসৌধ উন্মোচন কৰি শিক্ষাবিদ ডেকাই আৰু কয়, ‘‘স্মৃতিসৌধৰ জৰিয়তে বিশিষ্ট ব্যক্তি গৰাকীক জনসাধাৰণৰ মাজত থিয় কৰাই থলো। এগৰাকী পথ প্ৰদৰ্শক হিচাপে’’।