newsnextone.com | কাৰ্বি আংলংঃ যি সময়ত বন্যহস্তী আৰু মানুহৰ সংঘাতে ৰাজ্যখনত চৰম ৰূপ পাইছে, ভুক্তভূগী সাধাৰণ ৰাইজে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে বনবিভাগৰ শৰণাপন্ন হবলগীয়া হৈছে, সেই সময়তে বিভাগটোৰ অসহায় অৱস্থা প্ৰকট হৈ পৰিছে সৰ্বসাধাৰণ জনতাৰ ওচৰত৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বন বিভাগে বন্যহস্তী খেদিবলৈ যে অপৰাগ সেয়া বিভাগীয় কৰ্মচাৰীয়ে নিজমুখেই স্বীকাৰ কৰিছে ভুক্তভোগী ৰাইজ আৰু সংবাদ মাধ্যমৰ ওচৰত৷ 

উল্লেখ্য যে, পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানতো অব্যাহত আছে বন্য হস্তীৰ তাণ্ডৱ। বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই বনাঞ্চলৰ পৰা বন্যহস্তী ওলাই আহি জনবসতিপূৰ্ণ স্থানত তাণ্ডৱৰ সৃষ্টি কৰা দৃশ্য এতিয়া সহজলভ্য হৈ পৰিছে৷ প্ৰতিদিনে মানুহৰ বাৰীত, ঘৰ অথবা কৃষি পথাৰত উপদ্রপ চলাই সাধাৰণ কৃষকৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীৰ জাকে৷ 

আজি দীৰ্ঘদিন ধৰি কাৰ্বি আংলং বন বিভাগৰ বোকাজান পূৱ বন সংমণ্ডলৰ অধীনৰ তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টি দুটাৰ অন্তৰ্গত ফুলবাৰী, হাটীগড়, ফিচাৰিপাৰ, মাতিপুল,ঘৰীয়ালডুবি, বৰমান্থি, খটখটি, গৌতমবস্তি, হিদিপি আদি অঞ্চল সমূহত আঠ-দহ জনীয়া এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। 

নিশাৰ ভাগত হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত কাষৰ অৰণ্যৰ পৰা ওলাই আহি ঘৰ-দুৱাৰ ভঙাৰ উপৰি ৰবি শস্যৰ লগতে ভঁৰাল আদি ভাঙি বিস্তৰ ক্ষতিসাধন কৰাৰ উপৰি হাতীৰ জাকটোৰ আক্ৰমণত কেইবাগৰাকীও নিৰিহ লোকে মৃত্যুবৰণ কৰিবলগীয়া হোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনধৰি উজাগৰী নিশা কটাব লগীয়া হৈছে। 

উল্লেখ্য যে, বিগত এটা মাহৰ ভিতৰত খটখটি আৰক্ষী থানাৰ অন্তৰ্গত বংৰুং বস্তিত দুজন আৰু বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড়ত এগৰাকী মহিলাই বন্যহস্তীৰ আক্ৰমণত অকালতে মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে৷ 

বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বন্যহস্তিৰ জাকটোৰ তাণ্ডৱৰ পৰা পৰিত্ৰাণ বিচাৰি তথা বন্যহস্তীৰ আক্ৰমণত ১৪ আগষ্টত নিহত হোৱা হাতীগড়ৰ বাসিন্দা ফুলেশ্বৰী ৰাজবংশী নামৰ মহিলাগৰাকীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাই বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰৰ বনমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ 

আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জীত খাকলাৰী আৰু সাধাৰণ সম্পাদক হিমাংশু দাস স্বাক্ষৰিত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত ছাত্ৰ সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল৷ কাৰ্যসূচীত উপস্থিত থকা আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই বন্যহস্তীৰ তাণ্ডৱত জনসাধাৰণৰ কৃষিজাত সামগ্ৰী তথা ঘৰ-দুৱাৰ নষ্ট হোৱাতো নিত্য-নৈমত্তিক ঘটনাত পৰিণত হোৱা বুলি কোৱাৰ লগতে তেওঁ অতি ক্ষোভেৰে অভিযোগ উত্থাপন কৰি কয় যে বন বিভাগৰ হাতত এই বন্যহস্তীৰ জাকটোৰ পৰা পৰিত্ৰাণ পাব পৰাকৈ কোনো আধুনিক অস্ত্ৰ-শস্ত্ৰ নাই, যাৰ বাবে এই বন্যহস্তীৰ জাকটো নিৰিহ গঞাঁৰ জীৱন আৰু সম্পত্তিৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে৷