কোকৰাঝাৰঃ কোকৰাঝাৰত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভঙাক কেন্দ্ৰ চাঞ্চল্য অদ্যাপি অব্যাহত আছে৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ সৈতে জৰিত থকাৰ সন্দেহত ২২ জনকৈ লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখি পৰৱৰ্তী পৰ্যায়ত মোকলাই দিছে যদিও মূল অভিযুক্তক আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷
উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ অভাৰ ব্ৰীজৰ তলত থকা ৰবীন্দ্ৰ নগৰৰ হনুমান মন্দিৰৰ সমীপত থকা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিটো যোৱা ১৩ মাৰ্চৰ নিশা দুৰ্বৃত্তই হাতুৰীৰে কোবাই ভাঙি পেলোৱাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাটোৰ সৈতে জৰিত থকা মূল অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল আৰক্ষীক৷ আৰক্ষীয়ে চহৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই ২২ জনকৈ লোকক আটক কৰিছিল৷